সুখ, দুখ আৰু মই
পূৰৱী ফুকন
গোলাঘাট
এদিন আমি তিনিওটাই
নিজান ঠাই এটুকুৰাত
এঘড়ী পাৰ্টী কৰিছিলো
অৱশ্যে তাত কাউৰীয়ে কৰʼবাত পেলাই থোৱা
আধাখোৱা পঁচা মঙহৰ গোন্ধ ওপঙি আছিল
তিনিওটাই হজম কৰিব পৰা নাছিলোঁ
কিন্তু খন্তেক সময় তাত আকৌ কʼৰবাৰ পৰা অহা
গোমধান পোৰাৰ গোন্ধটো মিশ্ৰিত হৈছিল
তাৰ পিছত
আমাৰ মাজত কিছু কথা হʼল
সুখে নেখায় দুখৰ লগত
দুখে ও নেথাকে একেলগত
ইটোক ঠেলি সিটো বহে মোৰ লগত
আচৰিত দুয়োটা কাষ চাপিবই নুখুজে
ইটো -সিটোৰ চকুৰ কুটা দাঁতৰ শাল
তাকে দেখি মই কʼলো-- ''বোলো ভাইহতঁ
মোৰ পিছে আপত্তি নাই
কোন থাক' থাক মোৰ লগত''
মই সিহঁতলৈ পিঠি দি প্ৰিয়জনৰ কথা ভাৱি আছিলোঁ
সুখে কিনো বেয়া পালে মোক
ঠেলা মাৰি মোৰ ডিঙিত ওলমাই দিলে দুখক
সেই দিনাৰ পৰা দুখে মোৰ লগ নেৰা হʼল
সি ক'লে '' তোমোৰ লগত থাকিলে মই
বিশ্ব ব্ক্ষ্মাণ্ডৰ খবৰ পাওঁ,
তুমি বহুত কথা কেৱল মোৰ লগতেই পাতা
মোক নেৰিবা
মই ক'লো ''তোমাক বহুত বহুত ভাল পাওঁ,
তোমাক সব কম,
তুমি মোৰ সহচৰ হোৱা '' ।
এতিয়া সুখে আমাৰ পাত্তা নেপাই
বদনাম কৰি চকু দুটা পুৰিব খোজে
সি পাহৰি যায় আমি যে আজন্ম বন্ধু হʼলো
সি বেচেৰাটোৱে মোৰ ঘৰত সোমোৱা বাট টোও হেৰুৱালে।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment