নৈ পাৰত বাসস্থানঃ ভৈয়ামৰ মিচিং সমাজ
জ্ঞানকমল
নিজকে মিচিং বুলি পৰিচয় দিয়া মিচিং সকলৰ আদিম বাসস্থান আছিল বাসস্থান চীনা-তিব্বত। তাৰ পিছত অসমৰ উত্তৰ-পূবত থকা আবৰ পাহাৰ (বৰ্তমান অৰুণাচল প্ৰদেশত অন্তর্ভুক্ত)।
আহোম স্বৰ্গদেউ চুহুংমুং দিহিঙীয়াৰ ৰাজত্বকালত চুতীয়া ৰাজ্য ধ্বংস হোৱাৰ পিছত মিচিংসকল পূৰ্বে শদিয়াৰ পৰা ধনশিৰিলৈকে সিঁচৰতি হৈ পৰিছিল। বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি ভাগত বসবাস কৰা অসমৰ দ্বিতীয় বৃহৎ জনজাতি হিচাপে স্বীকৃত মিচিংসকল প্রধানতঃ দহ (১০) খন জিলাত সিঁচৰতি হৈ থকা দেখা যায়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ। দক্ষিণ পাৰে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু ব্ৰহ্মপুত্ৰৰ মাজভাগত অৱস্থিত জিলা পৃথিৱীৰ বিখ্যাত বৃহৎ নদীদ্বীপ “মাজুলী”ক ধৰি ভৈয়ামত কেইবা লক্ষ মিচিং লোক বসবাস কৰি আছে। অৱশ্যে বৰ্তমান গুৱাহাটী মহানগৰ তথা সৰু-বৰ চহৰতো এওঁলোকৰ বসতি থকা দৃষ্টিগোচৰ হয়।
মূল বিষয়ঃ নৈপৰীয়া মিচিং জনজাতিৰ জীৱন ধাৰণ প্ৰণালী অসমত বসবাস কৰা অন্য জনজাতিতকৈ কিছু চহকী। এওঁলোকে পৰম্পৰাগতভাৱে নদীকুলত বিশেষকৈ দিচাং, দিখৌ, সোৱণশিৰি, জীয়াভৰলী, খেৰকটীয়া আৰু ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বাস কৰে। তেওঁলোকে নদী কুলত বসবাস কৰাৰ কাৰণসমূহ যদি আমি বিশ্লেষণ কৰো; তেন্তে কিছুমান কাৰণ আমাৰ দৃষ্টিগোচৰ হ’ব—
১। পাহাৰত বসবাস কৰা দিনৰে পৰাই মিচিংসকলে ঝুমখেতিৰ বাবে খেতিৰ মাটি সলনি কৰি আছিল। সেই পৰম্পৰাৰ হেতু আজি অলপ দিনৰ আগলৈকে ভৈয়ামৰ মিচিংসকলেও খেতিৰ মাটি আৰু গাঁৱৰ ঠাই সলনি কৰি ফুৰা দেখা গৈছিল। কাৰণ দ ঠাইত সাৰ প্ৰয়োগ নকৰাকৈ কম কষ্টত যথেষ্ট ভাল খেতি পাব পাৰি, হয়তো এই কাৰণতো মিচিংসকলে নৈ পাৰত বসবাস লৈছিল।
২। এসময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত বিভিন্ন জনজাতিৰ লোকে বসবাস কৰিছিল আৰু সৰু সৰু ৰাজ্যত বিভক্ত হৈ শাসন ব্যবস্থা চলাই গৈছিল। শুনিবলৈ পোৱা মতে কোচসকলৰ শাসন কালত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ পূব অংশত চুতীয়াসকলে বসবাস কৰিছিল। তাত মিচিংসকলেও বসবাস কৰিছিল। সৰু ৰাজ্য হোৱা হেতুকে সঘনাই বহিঃৰাজ্যৰ আক্ৰমণৰ সন্মুখীন হৈছিল। সেই সময়ত কোচ শাসন ব্যৱস্থাৰো ক্ৰমান্বয়ে ম্লান ঘটিবলৈ ধৰে আৰু ছেগা- চোৰোকাকৈ আহোম শাসন ব্যৱস্থাই গা কৰি উঠে। সেয়ে বহিঃৰাজ্যৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবৰ হেতু মিচিংসকলে আহোমসকলৰ শৰণাপন্ন হয়৷ জীয়াই থকাৰ সুচলৰ বাবে মিচিং সকলে নদীকুলত কাষত বসবাস কৰে বুলি জনশ্রুতিমূলক প্রবাদ পোৱা যায়। হয়তো ইয়ো নদীকুলত বসবাস কৰাৰ এটা কাৰণ হ'ব পাৰে।
৩। আহোম শাসন ব্যৱস্থাত পাইক প্ৰথা আছিল। এই প্রথাত ভিন ভিন মাটিৰ কাৰণে পাইকৰ পৰিমাণ ভিন ভিন আছিল। অর্থাৎ প্রতি পাইকত দুপুৰাকৈ খেতিৰ মাটি পাইছিল। বাৰী মাটি, জলদোবা মাটিৰ কাৰণে কোনো খাজানা দিব নালাগিছিল। হয়তো সেইটো কাৰণতো মিচিংসকলে নদীৰ কাষৰ দ ঠাই নির্বাচন কৰিছিল।
৪। মিচিংসকল প্রধানতঃ কৃষিজীৱী হোৱাৰ হেতুকে অতীজৰে পৰা বিভিন্ন পশুপালন কৰ্মৰ লগত জড়িত হৈ আছে। পশুপালনৰ বাবে প্রধানতঃ গৰু, ম'হ, গাহৰি, হাঁহ, কুকুৰা আদি পোহে। পশুপালনৰ বাবে ঘাঁহৰ প্ৰাচুৰ্য থকা অঞ্চলসমূহ যেনে— চৰ-চাপৰি আদি অঞ্চল মিচিং সমাজে নির্বাচন কৰে, যাতে গৰু-ম'হৰ খাদ্যৰ নাটনি নহয়। সেয়ে মিচিং সমাজে নৈ পাৰত বসবাস কৰে।
৫। মিচিংসকলে খাদ্যৰ উপকৰণসমূহৰ ভিতৰত বহুলভাৱে মাছ ব্যৱহাৰ কৰা দেখা যায়। মাছসমূহ খৰালি ধৰি শুকুৱাই থৈ আটকৰ দিনত খাদ্য হিচাপে ব্যৱহাৰ কৰা দেখা যায়। তেওঁলোকৰ সমাজত মাছৰ চাহিদালৈ চাই সহজে আৰু ঠাইতে মাছ পাবৰ বাবে হয়তো তেওঁলোক নৈৰ কাষত বসবাস কৰিবলৈ ভাল পায় আৰু তেনেকৈয়ে ঠাই নিৰ্বাচন কৰে।
৬। অতীতত যাতায়তৰ একমাত্ৰ সুবিধা হ'ল নৌকা বিহাৰ। সেয়ে হয়তো যাতায়াতৰ সুবিধাৰ কাৰণে বা অন্যান্য সুবিধাৰ বাবেই মিচিং সমাজে নদীকুলত বসতি কৰিবলৈ ল'লে।
৭। কৃষিভিত্তিক উৎসৱ “আলি-আয়ে-লৃগাং” মিচিংসকলৰ জাতীয় উৎসৱ। ইয়াক প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়। এই কাৰ্যসূচীত আহুধান সিঁচা পৰ্ব আৰম্ভ কৰে। ইয়াৰ কাৰণ অধ্যয়ন কৰিলে দেখা যায় যে অতীজতে বিজ্ঞানসন্মত সাৰ পাবলৈ নাছিল। আনহাতে, পানী যোগানৰ বাবে আজিকালিৰ দৰে জলসিঞ্চনৰ ব্যৱস্থাও নাছিল। সেয়ে চাগে মিচিং সমাজে পৰম্পৰাগত উৎসৱত আলু-কচুৰ পৰিৱৰ্তে আহুধানৰ বীজ সিঁচিছিল। এই দিশৰ পৰাও মিচিংসকলে নদীকুলত বসবাস কৰিবলৈ লৈছিল বুলি অনুমান হয়।
সামৰণিঃ মিচিংসকল আধুনিক অসমীয়া সমাজৰ এটি অপৰিহাৰ্য অংগ। আধুনিকতাই মানুহৰ জীৱনলৈ আগমন ঘটোৱা নগৰকেন্দ্ৰীক মানসিকতা, যান্ত্ৰিকতাৰে ভৰা অন্তঃসাৰশূন্য সমাজ ব্যৱস্থা আদিৰ ফলত বর্তমান আজিৰ সমাজেও নিজৰ পৰম্পৰা, ঐতিহ্য, সংস্কৃতি পৰিহাৰ কৰি আধুনিকতাৰ জাকজমকতাত নিজকে বিলাই দিয়াৰ প্ৰৱণতা আমাৰ দৃষ্টিগোচৰ হয়। কিন্তু বর্তমানো নদীপ্ৰিয় মিচিংসকলৰ জীৱনৰ হাঁহি-কান্দোন, ঘাত- প্রতিঘাত, বিৰহ-বেদনা, মিলন-বিচ্ছেদ আদি বিষয় নদীৰ প্রবাহমান গতিৰ দৰেই তেওঁলোকৰ জীৱনত সংপৃক্ত হৈ আছে। সেয়ে নদী তেওঁলোকৰ প্ৰাণৰ আপোন। সেই বুলি মিচিংসকলে অকল পৰম্পৰাগত ভিত্তিতে নদীকুলত বসবাস কৰে বুলি ক'লে হয়তো আমাৰ ভুল হ'ব। কিছুমান বিজ্ঞানসন্মত কাৰণ যেনে— খেতিত জলসিঞ্চন আৰু সাৰৰ পৰিৱৰ্তে দ- চানেকীয়া পলসুৱা মাটি নির্বাচন, যাতায়াত সুবিধা, ৰুচিপূৰ্ণ খাদ্য মাছৰ সহজলভ্যভাবে পাবৰ বাবেই নদীকুলত বসবাস কৰি আছে আৰু ভৱিষ্যতেও নদীকেই পিতৃজ্ঞান কৰি বসবাস কৰি থকাৰ প্ৰৱণতাই প্রবল।
ঠিকনাঃ
"জ্ঞানকমল"
(মিন্টু হাজৰিকা)
পেচাঃ অসম আৰক্ষী অনাতাঁৰ বিভাগ, বৰঘাট আউত পোষ্ট, তেজপুৰ।
মাৰফৎঃ ফণীধৰ হাজৰিকা
গাওঁ:- উত্তৰ পহুকটা।
জিলা:- বিশ্বনাথ (অসম)।
ডাক:- মিকিৰবৰাচুক ( কলাবাৰী)।
পিন:- ৭৮৪১৭৮
ভ্ৰাম্যভাষঃ- ৯৪৩৫২০৮৮৪৪
/৭০০২৫৪৯২৫১
EMail:- mintumitali1984@gmail.com
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment