আমি দৈনন্দিন জীৱনত অপব্যৱহাৰ কৰিছো নেকি?
নন্দেশ্বৰ মিলি
আমি দৈনিক সময়বোৰ অপব্যৱহাৰ কৰি আছো নেকি? আমি এলাহতে শুই-বহি সময়বোৰ কটাই আছো নেকি?প্ৰতিটো মূহুৰ্ততে আমি নিজকে নষ্ট কৰি গৈ আছো নেকি? এনেধৰণৰ আত্মসচেতনমূলক প্ৰশ্ন প্ৰতিজন মানুহে নিজে কৰি চোৱাটো বাঞ্চনীয়।আচলতে জীৱনটো সময়েৰে গঠিত।সময়ৰ লেখেৰে আমাৰ জীৱনবোৰ তেনেই খন্তেকীয়া। সেই সীমিত সময়খিনি আমি উপযুক্তভাৱে ব্যৱহাৰ কৰিব জানিলে আমি সফলতা লাভ কৰিবলৈ নিশ্চয় সক্ষম হ'ম।
কিছুমান মানুহে কমবছৰ জীয়াই থাকিও কিন্তু বহুত কাম কৰি থৈ গৈছে।আনহাতে কিছু লোক বহু বছৰ জীয়াই থাকিও জীৱনবোৰ শূন্যতাৰে ভৰি আছে।সেয়ে আমি নিজকে সকলো দিশতে সচেতন হোৱাটো দৰকাৰী কাম হৈ পৰিছে।আমি প্ৰতিটো মূহুৰ্তই কিবা নহয় কিবা এটা কৰি যাব লাগে।নহ'লে আমিও তেনে অৰ্থহীন জীৱন যাপন কৰিলে বুলি কোৱা অভিযোগৰপৰা হাত সাৰি যাব নোৱাৰিম।আজৰি সময়বোৰো আমি সদ্ ব্যৱহাৰ কৰিবলৈ শিকাটো খুবেই প্ৰয়োজন।এনে সময়বোৰত আমি কৰি ভালপোৱা কামবোৰ কৰি যোৱাটো দৰকাৰ ।সেই সময়বোৰো সৃষ্টিমূলক আৰু গঠনমূলকভাৱে পাৰ কৰিব পাৰিলে আমি জীৱনটোত বহুতো কাম কৰি থৈ যাব পাৰোঁ।
প্ৰতিটো মূহুৰ্ততে কিবা নহয় কিবা এটা কৰি গৈ থাকিলে আমি শিকিবলৈও বহু সুযোগো পাব পাৰিম।আমি সমগ্ৰ জীৱনটোতে শিকি থাকিব লাগে।কাৰণ শিকাৰ কোনো নিৰ্দিষ্ট বয়স,ক্ষেত্র বা উৎস নাই।সমগ্ৰ পৃথিৱীখনে এটা উৎকৃষ্ট শিকণৰ থলী।সেই ক্ষেত্রখনৰপৰা আমি শিকিব বা জ্ঞান আহৰণ কৰিব জানিলে আমি অবিৰতভাৱে শিকি থাকিব পাৰোঁ।গতিকে যিমানে আমি কাম কৰিম ইমানেই শিকিবলৈও সুযোগ পাম।এনেধৰণৰ কৰা কামে আমাক অভিজ্ঞতা আহৰণত সহায় কৰিব পাৰে।অভিজ্ঞতা শিকাৰ এক প্ৰধান উৎস।
আমি দৈনিক লাহ-বিলাহতে সময়বোৰ অপচয় নকৰি অৰ্থপূৰ্ণভাৱে খৰচ কৰিবলৈ শিকা প্ৰয়োজন।কোনে জানে আমাৰ কোনটো সময়ত কি ঘটে? অৰ্থাৎ জীৱনটোৰ একো নিশ্চয়তা নাই।গতিকে নিজৰ কৰণীয় কাম আৰু দায়িত্ববোৰ সময়মতে সম্পাদন কৰি গ'লে পিছলৈ ভুক্তভোগী হ'বলগীয়া নহয়।একো একোটা কৰা ভাল কামে আমাৰ জীৱনটোকে সলনি কৰিব পাৰে।গতিকে সময়ৰ কাম সময়মতে হৈ গ'লে সকলোৰে বাবে মংগলজনক হয়।
দৈনন্দিন জীৱনত আমি নিজকে সদাপ্ৰস্তুত কৰি ৰখাটো প্ৰয়োজন।প্ৰতিটো পলে-অনুপলে, প্ৰতিটো ক্ষণে আমি নিজকে ব্যস্ত ৰাখিব লাগে।ব্যস্ত থকা মানুহক বেমাৰ আৰু বয়সে কাবু কৰি ৰাখিব নোৱাৰে।তেনে মানুহবোৰৰ আশা আৰু হেঁপাহবোৰ সদায় জাগ্ৰত হৈ থাকে।ফলত তেওঁলোকে জীয়াই থকাটো বা জীৱনক এক নতুন গতি প্ৰদান কৰিবলৈ সক্ষম হয়।সেয়ে তেনে মানুহবোৰ সদায় চিৰতৰুণ হৈ থকা দেখিবলৈ পোৱা যায়।
দৈনন্দিন জীৱনত আমি ইতিবাচক চিন্তা,গঠনমূলক ধ্যান-ধাৰণা,সু-ভ্যাস আদি কৰি থকাটো খুবেই প্ৰয়োজনীয়।তেনেবোৰ ধ্যান ধাৰণাই আমাৰ জীৱনটো সুখ-শান্তি, আনন্দেৰে বিয়পাই ৰাখিব। তেনে মানসিকতাই আমাক দুগুণ উৎসাহেৰে কৰ্ম কৰিবলৈ অনুপ্ৰাণিত কৰি ৰাখিব পাৰে।
দৈনন্দিন জীৱনটোত আমি হাঁহিৰে ভৰাই পেলাব লাগে। হাঁহিবলৈ সুবিধা পালে আমি তাৰ সুযোগো হেৰুৱাব নালাগে। ব্যস্ততাৰ মাজতো অকণমান হাঁহি-ধেমালি কৰা কাৰ্যই আমাক দুগুণ কৰ্মপ্ৰেৰণা যোগাব পাৰে।
দৈনন্দিন জীৱনটোক এক পৰিকল্পিত কাৰ্য আঁচনিৰ মাজেৰে পাৰ কৰিবলৈ যত্ন কৰা উচিত।তেনে পৰিকল্পনাই কোনো সময় বা ক্ষণকে অবাবতে খৰচ কৰাৰপৰা দূৰত ৰাখিবলৈ সক্ষম হ'ব।কোনটো মূহুৰ্তত কি কৰিব,ক'ত যাব,কাক লগ কৰিব ইত্যাদি প্ৰশ্নৰ সমাধান পৰিকল্পনাই সমাধান দিব।সেয়ে আমি দৈনন্দিন জীৱনটোত এক সুন্দৰ পৰিকল্পনাৰ মাধ্যমেৰে আগৱাঢ়িবলৈ যত্ন কৰাটো নিতান্তই কাম্য।
আমি দৈনিক নিজৰ স্বাস্থ্য সচেতনতা,শাৰীৰিক চৰ্চা,ব্যায়াম, যোগাসন,প্ৰাণায়াম আদি কৰি সময়বোৰ সুন্দৰকৈ খটুৱাব পাৰে।তেনে চৰ্চাই দৈহিক,মানসিক,আৱেগিক আদি সকলো দিশতে স্বাস্থ্যৱান কৰি ৰাখিব আৰু এটা সুন্দৰ জীৱন পোৱাৰ ক্ষেত্রত অৰিহণা যোগাব।লগতে আমি দৈনন্দিন জীৱনত সামাজিক সম্পৰ্কবোৰ সুন্দৰকৈ বজাই ৰাখিব লাগে।কিয়নো আমি সমাজপ্ৰিয় সামাজিক জীৱ।সমাজ বা পৰিয়ালক বাদ দি আমাৰ জীৱন নিৰ্বাহ কৰাটো সপোনৰো অগোচৰ।সেয়ে তেনে সামাজিক সম্পৰ্কবোৰো ৰক্ষা কৰি পাৰস্পৰিক সম্পৰ্কৰ ভেটিটো মজবুত কৰি ৰাখিব লাগে।
সেয়ে সেইবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি দৈনন্দিন জীৱনটো তেনেকৈ পৰিচৰ্যা কৰিব পাৰে।আমি সচেতন হ'ব লাগে যাতে আমাৰ দৈনন্দিন জীৱনৰ অকণমানো সময় অবাবত খৰচ নহয়।তেনে পদক্ষেপবোৰ গ্ৰহণ কৰি কোনোবাই যদি দৈনন্দিন সময়বোৰ পাৰ কৰিছে তেন্তে তেওঁ এক সাৰ্থক আৰু অৰ্থপূৰ্ণ জীৱন পাবলৈ গৈ আছে।
ফোনঃ 8638881953
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment