আলিঃ আঃয়ে লৃগাঙৰ বন্ধ কৰ্তন আৰু তাৰ পাৰ্শ্বক্ৰিয়া
খগেন পেগু
এতিয়া মিচিং সমাজৰ দুঃসময় আৰম্ভ হৈছে৷ ষষ্ঠ অনুসূচীৰ বাবে আন্দোলন কৰাসকলে ক্ষমতাৰ গাদীত আসীন হোৱাৰ পিছত বহুদিনৰ বাবে একেবাৰে নিমাত হ'ল৷ এটা সময়ত যিখিনি আছিলে সেইখিনিও এতিয়া এপদ এপদকৈ নাইকীয়া হৈ যাব ধৰিছে৷
প্ৰথমে কওঁ,1986 চনৰ পৰা 1997 চনলৈকে এই কালচোৱাৰ ভিতৰত মিচিং ভাষা পঢ়াবৰ বাবে 230 জন ভাষা-শিক্ষকৰ নিযুক্তি হৈছিল৷ তাৰ উপৰি 2006-07 বৰ্ষৰ ভিতৰত দুগৰাকী উপ-পৰিদৰ্শকো মিচিং ভাষা-শিক্ষাৰ নিৰীক্ষনৰ বাবে মকৰল কৰা হৈছিল৷ বহুদিন নতুনকৈ ভাষা-শিক্ষকৰ নিযুক্তি নোহোৱাত 230 জনৰ ভিতৰৰো যে এতিয়া বহুকেইজন নাইকীয়া হৈ গৈছে সেয়া ধুৰুপ৷
দ্বিতীয়তে, এটা সময়ত জনগোষ্ঠীটোৰ জাতীয় কৃষি উৎসৱ আলিঃ আঃয়ে লৃগাঙৰ বাবে বন্ধ এটা আছিলে যদিও এইবছৰ একেবাৰেই নাইকীয়া কৰি দিলে৷ তাৰ কাৰণে জনগোষ্ঠীটোৰ কোনেও অসম চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত নকৰিলে৷ না মন্ত্ৰী-বিধায়কে মাতিলেনে, না তথাকথিত জাতীয় সংগঠনবিলাকে?
তৃতীয়তে, আলি আই লৃগাঙৰ বন্ধ নোহোৱাৰ লগে লগে গুণোৎসৱেৰে আক্ৰমন৷ এইবাৰ আলিয়াই লৃগাঙৰ দিনাই গুণোৎসৱ উপলক্ষে স্বমূল্যায়ন কৰিবলগা হোৱাত অসমৰ সকলো ঠাইৰ মিচিং শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল আলি আই লৃগাং উৎসৱ উদযাপনৰ পৰা বঞ্চিত হ'ব যিটো আগতে কাহানিও হোৱা নাছিল৷ এই মুহূৰ্ত্তত মিচিং সমাজৰ ইয়াতকৈ পৰিতাপৰ বিষয় কি হ'ব পাৰে?
চতুৰ্থতে, ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন লাভৰ পৰাও মিচিংসকল সুদূৰ পৰাহত৷ এটা সময়ত No six shedule, no rest কৰি জংগী আন্দোলন কৰিছিল যদিও এতিয়া ৰাজ্য চৰকাৰে দিয়া স্বায়ত্ব শাসন লাভ কৰাৰ পিছত বহুদিনৰ বাবে সকলো নিমাত হ'ল৷
আজিলৈকৈ বড়োসকলে যিমানখিনি দাবী তুলি আন্দোলন কৰিছে সেই সকলোখিনি পাইছে৷ ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন পোৱাৰ উপৰিও তেওঁলোকৰ বড়ো ভাষা বিশ্ববিদ্যলয় পৰ্যন্ত আৰোহন কৰিছে৷ একাদশ, দ্বাদশ শ্ৰেণীলৈকে Medium of instruction, অৰ্থাৎ শিক্ষাৰ মাধ্যম পাইছে৷
তেনেকৈ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হোৱাত তেওঁলোকৰ ভাষাই Modern Indian Language(MIL), অৰ্থাৎ আধুনিক ভাৰতীয় ভাষাৰ স্বীকৃতি পাইছে৷ ফলত বছৰত বড়ো ভাষাত লেখা-মেলা কৰা সাহিত্যকে সাহিত্য অকাডেমী বঁটাও লাভ কৰে৷ এতিয়া বড়ো ভাষাই Associate official language, অৰ্থাৎ সহযোগী কাৰ্যালয় ভাষাৰ মৰ্যাদাও লাভ কৰিলে৷ সেয়ে ভাষা-শিক্ষকৰ বাদেও বিভিন্ন বিভাগত বড়ো ভাষাৰ বিষয়া-কৰ্মচাৰীয়ে চাকৰি লাভ কৰে৷ তাৰ বিপৰীতে, মিচিং ভাষা বা মিচিংসকলৰ তেনেকুৱা একোৱে হোৱা নাই; আনকি আলি আই লৃগাঙৰ বাবে বন্ধ এটা আছিলে যদিও এইবছৰৰ পৰা সেইটোও চৰকাৰী বন্ধ তালিকাৰ পৰা নাইকীয়া হৈছে৷
উল্লেখযোগ্য, 1966 চনত অনুষ্ঠিত মিচিং বাঃনৌ কৌবাঙৰ কুলাজান অধিবেশনলৈ তদানীন্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধী আহিছিল৷ তেতিয়া অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেদিয়েও আহিছিল৷ মিচিং বাঃনৌ কৌবাঙত কৰা প্ৰস্তাৱ আৰু দাবীমৰ্মে মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি তেতিয়াৰ অসমৰ ৰাজধানী শ্বিলঙলৈ ঘূৰি গৈয়ে মিচিংসকলৰ আলি আই লৃগাঙৰ বাবে বছৰত ফাগুন মাহৰ প্ৰথম বুধবাৰে বন্ধ ঘোষণা কৰিছিল৷ অৱশ্যে সেই বন্ধ তেতিয়াৰ পৰা চলি আহিছিল যদিও সেয়া Restricted Holiday, অৰ্থাৎ সীমিত বন্ধনে সম্পূৰ্ণ এদিনীয়া বন্ধ আছিল সেই সম্পৰ্কত আমি নিশ্চিত হ'ব নোৱাৰিলোঁ৷ অৱশ্যে সেয়া যিয়েই নহওক, ই বহুদিনৰ পৰা সীমিত বন্ধ হিচাপে চলি অহা আমি অতবছৰে পাই আহিছোঁ, আৰু যোৱা বছৰলৈকে আছিল৷ আগতে কেইবাবছৰো মে-ডাম মে-পিৰ দৰে সম্পূৰ্ণ এদিনীয়া বন্ধ হিচাপেও ঘোষণা কৰি অহা তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত পাইছিলোঁ; কিন্তু এই চৰকাৰৰ দিনত একেবাৰে নাইকীয়া কৰিলে যিচো বৰ পৰিতাপৰ বিষয়৷
নেপালীসকলৰ ভ্ৰাতৃ দ্বিতীয়া, বিহাৰীৰ ষঠ্ পূজা, আদিবাসীৰ কাৰণে টুচু পূজা আৰু কৰম পূজা, আহোমসকলৰ মে-ডাম মে-ফি আদিৰ বাবে চৰকাৰী বন্ধ দিব পাৰিলে; অসমৰ দ্বিত্বীয় সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠী ভূমিপুত্ৰ মিচিংসকলৰ বাবেহে বন্ধ এটা দিব নোৱাৰিলে৷ অৰ্থাৎ চৰকাৰে মিচিংসকলক একো পাত্তা নিদিয়ে৷ আৰু পাত্তা দিব কিয়? বড়ো, কাৰ্বিসকলৰ দৰে মিচিঙৰ কি আছে? না জাতীয়তাবোধ, না জাতিৰ বাবে কিবা আবেগ বা ছেণ্টিমেণ্ট? একোৱে নাই৷ সেয়ে তেওঁলোকে ছিক্স ছিডোলৰ বাবেও দাবী নকৰা হ'ল৷ আন্দোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰাটোতো দূৰৰে কথা৷
সকলোবোৰ সুবিধাবাদী৷ স্বায়ত্বশাসিত পৰিষদ এখন আছে যদিও সেয়া কিছুমানৰ সুবিধাৰ বাবেহে৷ কোনোবা খাবলৈ পাইছে, কোনোবা নাই পোৱা৷ যি খাবলৈ পাইছে তেওঁ ধনী হৈ গৈছে৷ যি খাবলৈ পোৱা নাই তেওঁ দুখীয়া হৈয়ে আছে৷
ছিক্স ছিডোল আছে কাৰণে বড়ো, কাৰ্বিসকলৰ ভৱিষ্যত সুৰক্ষিত৷ তেওঁলোকে নিজৰ জাতীয় উৎসৱত নিজাকৈ বন্ধও ঘোষণা কৰিব পাৰে; পিছে মিচিংসকলৰতো তেনেকৈ একোৱেই নাই; সেয়ে তেওঁলোকৰ তেনেকুৱা একো নাইতো নায়েই, আনকি ভৱিষ্যতো সুৰক্ষিত নহয়৷
অৱশ্যে এনেকৈ লিখিগৈ থাকিলে আৰু বহুত দীঘল হ'ব৷ সেয়ে আৰু কথাৰ বাহুল্য নকৰি ইমানতে সামৰিব বিচাৰিছোঁ৷ এতিয়া যিটো ভুল কৰিছে তাৰ পৰিণাম ভৱিষ্যতে বহুত বেয়া হ'ব৷ ইমানখিনি হৈ যোৱাৰ পিছতো প্ৰতিক্ৰিয়া নকৰা মানুহবিলাকক কাইলৈ কোনে মানুহ বুলি দেখিব? বহুত কিবা কিবি কৰিলেও একো এটা কৰিব নোৱাৰে বুলিয়ে লোকে ভাবিব৷ আমি আশা কৰিছোঁ, সময় থাকোঁতেই মানুহবিলাকৰ সুমতিৰ উদয় হওক৷ আজি মিচিং ভাষা আৰু সংস্কৃতিৰেই সংকটাৱস্থা হোৱা নাই, সংকটাপন্ন হৈছে সমগ্ৰ জাতিটো৷ সেই কথা বুজি সৰ্বসাধাৰণ জনতাই মাৰ বান্ধি থিয় হৈ ৰাজপথলৈ ওলাই নাহিলে হয়তো বহুত দেৰি হৈ যাব৷ এইখিনিতে এটা কবিতাৰ পংক্তিঃ
Pétum péli:n okumdo Sémpé éddík yubngaksul du:tíyén?Daroptok, ngolu taniyé.(Ngolu Taniyé, 'Mé:tom' potindokké)
No comments:
Post a Comment