উইনি মেণ্ডেলা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, March 1, 2023

উইনি মেণ্ডেলা

 


উইনি মেণ্ডেলা

ৰুনাল্ডো টাইদ


(দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বৈষম্যবাদ বিৰোধী নেতা নেলচন মেণ্ডেলাৰ পত্নী উইনী মেণ্ডেলাৰ প্ৰতি)



অ'মৌপিয়া চৰাই

ৰ'দ দিছে, ৰ'দ লবি

বৰষুণ দিছে, বৰষুণ ল'বি


  দোঁ খাই পৰিছে ধানৰ থোক--ধান কাটিবি 

হিজল ফুলে ভৰি পৰিছে বাৰিষাৰ নৈ--মালা পিন্ধিবি


নেকান্দিবি তই অ' উইনি মেণ্ডেলা

তোৰ চকুত চাব নোৱাৰো নিয়ৰ কণা


পুৱতি ৰাতি ম'হ গোৱালৰ বাঁহীয়ে নিচুকাব পৰা নাই হৃদয়

অইনিঃতমে পাহৰাব পৰা নাই মেণ্ডেলাৰ বুকুত কটোৱা সুখৰ ৰাতি

শিল হৈ পৰিল উইনি মেণ্ডেলা


অ' উইনি মেণ্ডেলা

উজানৰ মাছৰ দৰে এতিয়াও ৰাংঢালী হৈ আছ তই

তোৰ দেশ আফ্ৰিকাত কোনে শুনিব বৰ্ণবাদীৰ বুকুৰ ব্যথা


বগা চাহাবৰ আদেশ

ক'লা গোলামৰ হুমুনিয়াহ

বগা ছালৰ মানুহ বণিক

ক'লা ছালৰ মানুহ ক্ৰীতদাস


দুখৰ গান এটা হৈ দুলি থাকে

সুখৰ নিচান হৈ আকাশত উৰি থাক।


মেণ্ডেলাৰ সাতাইশ বছৰ কাৰাবাস

তথাপি তোৰ শিল হোৱা বুকুত ফুলি থাকিল গোলাপ

মেণ্ডেলাৰ সাতাইশ বছৰ কাৰাবাস

তথাপি তোৰ শিল হোৱা বুকুত বৈ থাকিল নীল নদী


অ' উইনি মেণ্ডেলা

সাতাইশ বছৰে তই কঢ়িয়াইছ প্ৰেমৰ পৃথিৱীৰ বিষাদৰ ডাঙৰি

সাতাইশ বছৰে তই বিয়পাইছ চেৰীফুলৰ সেউজীয়া সুগন্ধি


কোনে বুজিব

কিমান বিষাদৰ আছিল সেইদিন

তোৰ যে বুকুত নাছিল ৰ'দ

তোৰ যে বুকুত নাছিল বৰষুণ


সাতাইশ বছৰে খৰাং থাকিল উদং বুকু


অ' উইনি মেণ্ডেলা

সাতাইশতা বসন্তৰ খৰাং বুকুত

কেনেকৈ ৰুই থলি প্ৰেমৰ সুগন্ধি গোলাপ


সুপ্ৰাচীন অৰণ্যৰ দৰে কেনেকৈ সেউজীয়া হৈ থাকিল

সাতাইশতা বসন্তত তোৰ শিলাময় বুকু।।


Doksiri দকচিৰি, মাৰ্চ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages