সিদ্ধান্ত
স্বপ্নশিখা চুতীয়া
ধেমাজি, গোগামুখ
শীতৰ ইমান ঠাণ্ডাটো মালা জ্বৰ ঘমাদি ঘামিছে। অসহ্য বেদনা অনুভৱ কৰিছে তাই। জীৱনৰ প্ৰতি তাইৰ আৰু কোনো মায়া মোহ নাই ধৈৰ্যৰ সীমা হেৰাই গৈছে। মালা সচাকৈ গুচি যাব ক'ৰবালৈ। হয়তো নাজানিব তাইৰ ঠিকনা কোনেও। নিজৰ কৰ্তব্য বুলি সকলো নিয়াৰিকৈ কৰি যোৱাৰ পাছতো স্বামীৰ পৰা মৰম পোৱাৰ পৰিবৰ্তে সদায় অত্যাচাৰ সহ্য কৰি আহিছে তাই।
কি কৰা নাছিল তাই নিজৰ পৰিয়ালটোৰ বাবে ? নাই নাই তাই এইবাৰ সিদ্ধান্তৰ লৰচৰ নকৰে। নিজৰ প্ৰয়োজনীয় বস্তু কেইপদ বান্ধি মালাই এখোজ দুখোজ কৈ ঘৰৰ পৰা ওলাই গ'ল। এক অচিন মাত্ৰাত মালাই খোজ পেলালে। নাজানে তাইৰ লক্ষ্য স্থান ক'ত।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩
No comments:
Post a Comment