মৰীচিকা
হিমাংশু কলিতা
গোলাঘাট
নালাগে কৰিব অপেক্ষা
এখন শুকান হৃদয়ৰ বাবে
নধৰিবা তুলি
জহি যোৱা
ভাষাবোৰ মৰমৰ
মুৰুজাহ যোৱা অন্তৰৰ
লগত
নালাগে গাঁঠিব হৃদয়খন
নালাগে কৰিব
হৃদয়ৰ মৰমবোৰ বিষাক্ত
থোৱা তোমাৰ বাবে ৰাখি
অন্তৰৰ সুপানবোৰ
নালাগে আঁতৰাব
উৰণিৰ ফাঁকেৰে।
Doksiri দকচিৰি, মে, ২০২৩
No comments:
Post a Comment