তাই ৰ'ব নোৱাৰে সকলো ৰৈ দিলেও...
জিতুপন শইকীয়া
বেলতলা
(প্ৰাঞ্জল মৰাণৰ পত্নীৰ দৰেই শক্তিশালী হওঁক সকলো নাৰী)
আহঁতৰ তলৰ ছাঁ খিনি এন্ধাৰ
ডিঙিলৈকে উজাই অহা কান্দোন এটাৰে
জুহালত তালৈ বাট চাই উকা মাঘৰ উৰুকাৰ
অন্তহীন অপেক্ষাৰ দুমাহ
কাঁইটে বিন্ধি বিন্ধি, শংকাত চকুৰ জাঁপ নোখোৱা পতা
অবলা নহয় তাই, জানে বহু কথা
সাধাৰণ মানুহৰ বুকুতো থাকে জীয়া সপোন
সি অহাৰ কথা আছিল, সেয়েহে
শুকানী গাঁওৰ জুপুৰীটোৰ পৰা মহানগৰীলৈ
সোনপোনা আৰু কয়লাৰ জুই
লিডুত শেষ বিননি, কোনে শুনিছিল
হয়তো চৰাইবোৰ ৰৈ দিছিল সিদিনা
গছবোৰৰ পাতেৰে সৈতে নদীখন
হয়তো পাহাৰৰ দাঁতিত ডুব মৰা বেলিটো
সি চাব বিচাৰিছিল নেকি
সোনপোনাৰ টোপনিত লালকাল যোৱা মুখ
বহু কথা ন'কলে তাইক, নাহে বুলি ভাবিছিল জানো
তাই ৰ'ব নোৱাৰে সকলো ৰৈ দিলেও
বিবেকৰ বাটেৰে তাই তাক লগ পাব খোজে
সোনপোনালৈ কাপোৰ আনিম বুলি কৈ
তেনেকৈ যোৱাৰ ইচ্ছা নাথাকিবওতো পাৰে
কথাবোৰ সাঁথৰ সুধিব খোজে তাই
কিনিব খোজে তাইক কোনে
বগা ৰঙৰ দাম কিমান, কোনে জানে
ৰজাঘৰত সিমান সম্পত্তি নাই
মুকলিকৈ দৰ দাম নকৰে
বুকু ভঙা কান্দোনৰো বুকুত থাকে
অক্লান্ত প্ৰতিবাদী সত্তা
অকলশৰীয়া সংগ্ৰামৰ তায়েই একমাত্ৰ যুঁজাৰু
সাধাৰণ নাৰীৰো থাকে স্বামীৰ প্ৰতি নিঃস্বাৰ্থ ভালপোৱা
হেৰাই গলেও হেৰাব নিদিয়া
শেষলৈকে কিবা এটা !
Doksiri দকচিৰি, মে, ২০২৩
No comments:
Post a Comment