এটা ৰুগীয়া জঁকা
লখিমী নেওগ
মাছৰ শুধ বগা কাঁইটডাল মেকুৰীজনীলৈ বুলি
দলিওৱা হোৱা নাই বহুদিন
চকুৰ মণিত মাংসৰ টুকুৰা আঁকি
লেলাৱতিৰে তিওৱা মাটিত
দেহা ভিজাই থকা কুকুৰজনীয়ে
শুকান কাঁহীখন জিভাৰে ধুই পেলাৱা
বহুদিন হ’ল হয়তো
আৰু ...
বাকীসোপা কংকালসাৰ ?
কিলবিলাই থকা অসংখ্য হাড়বোৰৰ
কোনডাল কাৰ বুকুৰ নমনা বহুদিন হৈ গ’ল
জঁকাটোত লাগি ধৰা ছালখন চেপি উলিওৱা
চকুপানীখিনিৰে
মজিয়া তিওৱা বহুদিন হ’ল
এটা জঠৰ দেহৰ বাবে
বিহুটো বিহ হোৱা বহুবছৰ হ’ল
(সৌ জেতুকালগোৱা হাত দুখন
কিমান দিনলৈ বগা হৈ থাকিব ?)
Doksiri দকচিৰি, মে, ২০২৩
No comments:
Post a Comment