কবিতা
পৱন বৰ্মন
পাখামাৰা, বাকসা
ৰ'দে পোৰা পিঠি
কেঁচা ঘামৰ নিমখীয়া সত্য
অংকুৰ সোণ হোৱালৈ
ঘামেই আপোন।
এদিন
হুলাবাৰিৰ দুই মূৰে সোণালী নূপুৰ বাজে
আৰু পৃথিৱী কঁপাই যায় এটি কবিতা
গিৰিপ গিৰিপ...
কিমান আঙুলি চাচিলে
বাঁহডাল ঢাৰি হয়
এটি দীঘলীয়া কবিতা!
মুচিয়ে পিন্ধেনে জোতা?
ড্ৰাইভাৰ জন খালীভৰি ঘৰমূৱা হোৱা দেখিছিলোঁ,
কবিতা এটাই খেদি ফূৰে
বটল বুতলি পেট ভৰোৱা বস্তাটোক
লেলাৱতিৰে ভৰা কোলাৰ মুখবোৰৰ কাৰণে ।
পেটৰ ঘুমটিৰ বাবে
কবিতাই খান্দি ফূৰে চহৰৰ নলাবোৰ, ৰাজপথৰ কাম কৰা বনুৱা জনৰ ঘৰলৈ যোৱা পথ এতিয়াও নাই!
প্ৰতিদিনে একোটা কবিতাই নিকা কৰি যায়
হাস্পতালৰ হালধীয়া পলিথিনত আৱদ্ধ শব্দবোৰ...
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩


No comments:
Post a Comment