মইতো তোমাৰ বাবেই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

মইতো তোমাৰ বাবেই

 


মইতো তোমাৰ বাবেই…

                                       বিশ্বজিৎ গগৈ

                                            গোগামুখ


মইতো তোমাৰ বাবেই

প্ৰেমৰ কবিতা লিখিবলৈ প্ৰেম ভৰুণ এখন হৃদয় ৰাখিছোঁ জীয়াই।


মইতো তোমাৰ বাবেই 

বৰ্ণ - বৈষম্য শূণ্য এটা মন সামৰি 

বুকুত এহেজাৰ সপোন আঁকিছোঁ,

জীৱন জীয়াৰ পণ কৰিছোঁ।


মইতো তোমাৰ বাবেই হৃদয়ৰ ৰহঘৰাত 

যৌৱনৰ ফাকু ছটিয়াও

বসন্তৰ হেঁপেহোৱা হাঁহি বিৰিঙাও।


ভুল নুবুজিবা তুমি, আজিও কব নোৱাৰিম মই

তোমাৰ বাবে জোন নমাই বুকুত সজাব পাৰিম

অথবা 

তোমাৰ সমাধিস্থ হৃদয়ত

তাজমহল গঢ়িম। 


মোক মোৰ দৰে চিনা 

মই বাখৰুৱা সোণৰ চেকুৰা নহওঁ

মই মাটিৰ বুকুত মিলিব খোজো

জীৱন্ত হ'ব খোজো জীয়াই থাকোতে মাথোঁ তোমাৰ বাবেই।


অভিমান কৰিব পৰাকৈ সৰুকৈ মন এটা আছে।

এতিয়া গোপন কাঁইটৰ আঁচোৰ এটা অনুভৱ কৰোঁ।

তুমি তুমি লগা ফাগুনৰ পচোৱা জাকে

বসন্তৰ আঁচলৰ ছাঁয়াত প্ৰীতিৰ ভায়লিন বজাই

সীমাহীন আশাৰ পৰিধি সজায়

আমি হোৱাৰ আকুল প্ৰণয়

মইতো তোমাৰ বাবেই।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages