সেউজীয়া সপোন
ৰঞ্জিতা ৰাণী বৰা
গুৱাহাটী
ফাগুনৰ বতাহজাকে
গছৰ পাতবোৰ সৰালে
ফাগুনৰ শেষত
ৰঙীন পলাশ শিমলু
ফুলবোৰো নোহোৱা হ'ল
গছবোৰ লঠঙা হ'ল
মোৰো মনটো সেই
গছবোৰৰ দৰে উকা হ'ল,
মনৰ পৰা মোৰ
পলাশৰ ৰংবোৰ
হেৰাই গল।
ম ই বাট চাই আছো
কেৱল বহাগৰ বৰষুণ জাকলৈ
যি আনি দিব
ধূলিৰ ধূসৰতা ঠেলি
সেউজীয়া কৰিব মোৰ মন
বহাগৰ সেউজীয়া গছৰ
কুঁহি পাতবোৰৰ দৰে
যত নাথাকিব বিষাদ
থাকিব মাথোন সেউজীয়াৰ
পৰা সেউজীয়া হৈ
ৰঙীন হোৱাৰ সপোন।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩
No comments:
Post a Comment