সময় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

সময়

 


সময়

            দীপ হেষ্টিংছ বৰি


সময় গতিশীল..

সময়ে আঁকে জীৱনৰ বাট


পাৰ বিচাৰি নোপোৱা

অবুজ ভাৱনাৰ নাওবোৰ

সময়ৰ তটিনীত ভটিয়ায়


যৌৱনৰ বাসনাই তৰা

কল্পনাৰ সোণালী কাৰেং

কাল ধুমুহাই উৰুৱাই লৈ যায়


অসাৰ্থক সপোনৰ লাভাই

ছাই কৰা কলিজাটো

উতনুৱা ভাৱৰ যাদৃচ্ছিক মনটো

জুৰ পৰে সময় ডেওনা পাৰ হ’লে


বেদনাকাতৰ সৰাপাতবোৰ

এদিন বুকুতে পচি যায়

সময় গৰাহত


জোন ওলায়ে থাকে বেলি ডুবিলে

পখি উৰে নিতৌ বাহলৈ সন্ধিয়া নামিলে

নক্ষত্ৰ ঘূৰে নিজ পথে

ব্ৰম্মাণ্ডৰ সকলো একে গতিত থাকে


কেৱল একে নাথাকে সময় 

আৰু নাথাকে একে

সময় পাখিত উৰা

জীৱন ৷৷


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages