বুকুৰ বঁকিয়াইদি বহাগ আহে
চন্দ্ৰপ্ৰভা বৰ্মন
গুৱাহাটী
ফাগুন আৰু পচোৱা
বহাগ আৰু বৰদৈছিলা
একেলগে কিয়নো আহে
মনলৈ ফাগুন নমাৰ সময়ত
পচোৱা জাকে বুকু উজাৰি নিলে
বহাগে মনত সেউজ ৰহন সানে
ফাগুনত কনেঙ জনীয়ে
তাঁত শালত সেউজীয়া ফুল বাঁছে
লৃগাঙত বুকুৰ প্ৰিয়তমক
মিবু গালোক যাঁচে
বহাগত চেনেহীয়ে জোঁট ভাঙি
সূতা জোৰাই আঁচু ফুল বাঁছে
এজাৰৰ বেঙুনীয়া ফুলৰ থোপাত
হেঁপাহৰ বহাগ
যঁতৰ ভঙা নাচনীৰ খোজত
ধূলিয়ৰি বাট
বৰহমথুৰী ৰঙোৱা ওঠত
বিহু নাম জাত-জাত
চেৰেংকৈ মনত পৰে
শৈশৱৰ ঢঁকুৱা চোঁচোৰা
হেঁপেহুৱা তৃষাৰ আঁচল
ৰান্ধনি বেলিটোৰ ৰঙেৰে ৰাঙলী
সোনালী পিঠিয়া পুঠি মাছৰ এজাঁক
বৰহমথুৰী বোলোৱা ওঠত সোনাৰুবুলীয়া
অলেখ অযুত হাঁহিত নাচে
সোন-হালধীয়া সোনাৰুৰ ৰং
নাচঁনিৰ খোপাত কেতেকী কপৌৰ
আমোলমোল লয়লাস
নাচনি জৰীৰ নাচোনত সৰে
হেঁপাহৰ হাজাৰ উশাহ
বুকুৰ সীয়নি জোৰাই জোৰাই
ব' তোলা লিহিৰী আঙুলিৰ
পাবত নাচে মেজাংকৰি সপোন
যঁতৰত নচা তাঁতশালৰ সুখ
ৰংমন-ৰহেদৈ হঁতৰ হৃদয়ৰ ৰং
সপোনে সঁজা দিঠকৰ ৰাগ ঐনিতম
আপাততঃ বসন্তৰ ডাক পখিলী
বিহুৱান এযুটিৰ মই বাতি কাঢ়িছো
টিপ চাঁকিৰ পোহৰত চানেকি চাই
পিৰীতিৰে ফুল বাছি মাকো মাৰিছো
কাবৌ কৰিছো-বাটত অঘৈয়া হুল নুপুতিবি
মই চিকুনোৱা বাটেৰে গামখাৰু লৈ
প্ৰেমিক বসন্ত আহিব
খোপাত কপৌ ফুল গুজিব
মোৰ বুকুৰ বঁকিয়াইদি নামি আহিব জোনাক
আজি মোৰ সময় নাই বহুত কাম
বৰদৈছিলা আজি তই উভতি যাগৈ যা
চেনাইৰ দুঁচকুত চকুলোৰ বান
দুখ ঘুৰে বুকুৰ চাকনৈয়াত
ঠিয় গৰাত ৰৈ জুখি চাম
দুখবোৰৰ গভীৰতা
পিছলি পৰিলেওঁ পৰিম পকনীয়াত
জাকৈ বাই-বাই দুখবোৰ আঁতৰাম
গোটেই ৰাতি পল বাম, জুলুকি মাৰিম
বৰশী টোপায় চেপা পাতিম
জাল পাতি ধৰি আনিম সুখৰ দঁৰিকনা
চিঙি আনিম তেজীমলাৰ ফুল
বুকুত ৰুই থম এহাঁলিচা চুটি উশাহৰ গোজ
ঠন ধৰি উঠিব- বালিচহীয়া মাটিত পানী নৰয়
সম্প্ৰতিঃ চেনাই ধন সীমান্তত
জুহালত বাৰুদৰ গোন্ধ
মহুৰা ফুৰোৱা আইৰ শুৱলা মাত
এতিয়া ৰুদ্ধ ! আই মোৰ শয্যাগত
এইবেলি কাৰ স'তে পাতিম বিহু
এতিয়া ভালপোৱাৰ বৰষুণজাক
চকুলোৰ ধাৰ কাল ধুমূহা আৰু
উতনুৱা পচোৱা জাক বৰদৈছিলা !!
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩
No comments:
Post a Comment