সৰা পাতে ভৰা ফাগুন গুচি বসন্তৰ আগমন
ড° কৃষ্ণ কুমাৰ বনিয়া
গুৱাহাটী
সৰা পাতে ভৰা ফাগুনৰ প্ৰস্হানত
বসন্তৰ চোতালত পলাশ-মদাৰ হয় সুন্দৰ
দৌল পূৰ্ণীমাত ঋতুৰাজে কঢ়িয়াই সুখ
জুই ৰঙৰ কৃ্ষ্ণচুড়া, পলাশ, শিমলু ফুলিব
যেন এয়া বসন্তৰ আগমনৰ বতৰা...
প্ৰকৃতিৰ কেনভাছত
কবিয়ে হৃদয়েৰে ভৰা কবিতা লেখে...
কুঞ্জবনৰ কোঁহে কোঁহে কুঁহিপাতৰ মালা পিন্ধাই
ফাগুন যে এতিয়া যাবৰে হ'ল...
গাভৰু প্ৰকৃতি যে উৰ্ব্বৰা হ'বৰ হ'ল
অসমী আইৰো গৰ্ভ উৰ্ব্বৰা হ'বৰে হ'ল...
দেখো সখী তুমি কপৌৰ বাহত থকা শুই
মৌ মাখীৰ গুন গুন গীত শুনি মৌ খাই...
আহ সখী মিলিজুলি খেলো ঋতুৰ খেল
পাবি মোৰ হৃহয় ভৰা ৰঙৰ পোহৰ
শিমুল, পলাশ, কৃষ্ণচুড়াৰ সৈতে
আকাশত ৰঙৰ বোল
বুজিছ এয়া বসন্ত!
আকাশৰ জপনা খোল–
নানা ৰঙৰ ফুলৰে বানপানী বওক
সকলোৰে হৃদয় আৰু আত্মাত
প্ৰকৃতি
আনন্দত আত্মহাৰা কুলি-কেতেকীৰ মাতে-
তই কুশলে থাক বা নাথাক
তই জীয়াই থাক বা নাথক
ফুল সৰিলেও, নদীও শুকালেও
সপোনৰ ৰং ম্লান পৰিলেও
আমাৰ ধৰালৈ বসন্ত আহিবৈ
প্ৰকৃতি
নীল আকাশত
বিহঙ্গ প্ৰেমৰে ডেউকাত সাৱতি আত্মহাৰা
কেনে মনোমোহা দৃশ্য
মনত জাগে অফুৰন্ত প্ৰেম
প্ৰেমে কয়-
বসন্ত লাহে লাহে আহি আছে
গীত গোৱা চৰাইবোৰো অস্থিৰ হৈ পৰে...
সিহঁতেই শিকাই
নিজকে বুজি কন্ঠ নিগৰাই বিহু গীত গাই
আকাশতকৈ উদাৰ হ
দেখিবি যে বিশ্ব প্ৰেম মনে মনে আহি
নিজে হৃদয়ত থিতাপি ল’ব
বসন্ত আহিলে আমাৰ চোতাল বৃন্দাবন হব
ফাগুন ৰুক্ষ বুকুত উদং পথাৰ
তৰাং নৈৰ পচোৱা বতাহ
বৰদৈ চিলা হৈ লঠঙা গছত উলমিব...
মৌপিয়াই চুমা খোৱা লাজুকী মদাৰ,
অভিমানী পলাশৰ ৰঙীন আভা
সৰা পাতৰ বেজাৰত
নুফুলা এজাৰ-
আহ পখী আহ দুৰলৈ নাযাবি
বহাগী যে আহিবৰ হ'ল
আঁহতৰ তলতে ৰঙিলী জনী
ম'হৰ শিঙা পেপাটি মঘাই ওজাৰ ঢোলটি লৈ
ৰঙিলী নাচি-বাগি ৰাঙলী হবৰে হ'ল!!
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩
No comments:
Post a Comment