হীৰা
নীলাভ সৌৰভ
সকলো হীৰা যদি নকল হয়
সকলো বন্ধ হৈ যাব নেকি
মন্দ হৈ যাব নেকি
বজাৰ
দেশ
এনে এটা মস্কিলত সমাজ এখন ৰৈ যাব
কোনোবা এটা আস্থানত
অজ্ঞাতে যদি ভুল হীৰাকে হীৰা বুলি ভবা হয়
খুব বেছি কি হ'ব
আচল হীৰা নেদেখাকৈ মৰি যাব এজন দুৰ্ভগীয়া
খুব বেছি কি হ'ব
মাক-বাপেকে মৰমতে
জীয়েক-পুতেকক
হীৰাৰ টুকুৰা বুলি নামাতিব
খুব বেছি কি হ'ব
আচল হীৰা অযত্নত পৰি থাকিব
হীৰা কিনিব পৰা মানুহেও
নকল হীৰাৰ অলংকাৰ পিন্ধিব
নকল অহংকাৰ দেখুৱাব
আচল নকল নজনা মানুহে হীৰা বুলি ভবা ভুলবোৰ
নকল অহংকাৰে হীৰাৰ দৰেই উপভোগ কৰিব
খুব বেছি কি হ'ব নকল জুহুৰীয়ে উৎকোচ পাব
হীৰা নেদেখা নিচিনা মানুহৰ একো অসুবিধা নাই
এওঁলোকৰ অলেখ হীৰা
জুহুৰী নালাগে চিনিবলৈ
এওঁলোকৰ সন্তানৰ হাঁহিটোৱেই হীৰা
পত্নীৰ চুমাটো হীৰা
হীৰাটো হীৰাই—
এয়াই এওঁলোকৰ
কেতিয়াবা কলিজাৰ টুকুৰা
হীৰা দেখা মানুহে কি জানে
তেওঁলোকে জুহুৰী চিনি পায়
জুহুৰীয়ে জানে
মানুহে হীৰা
চিনি নাপায়৷৷
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩
No comments:
Post a Comment