তিনিটা কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

তিনিটা কবিতা

 


তিনিটা কবিতা 

                  গুনোজীৎ দাস 


জেঠীনেচীয়া

দাঁতবোৰে আমাক চোবাই খোৱাৰ শেষত

এদিন চেলেকি খাব বিচাৰিলে আমাৰ ঘৰবোৰ


আমি জেঠীবোৰক হত্যা কৰিলোঁ

সহজপন্থা অৱলম্বন কৰি  

ঘৰবোৰ হৈ পৰিল জেঠীনেচীয়া


এতিয়া নেজ লৰাই লৰাই

লাওখোলা এটাৰ ভিতৰলৈ সোমাই গৈ থাকিল 

আমাৰ দন্দহীন জীৱন 

 

চকু

মোৰ চকুদুটা এদিন এজন অন্ধ মানুহক

দি আহিলোঁ

তেতিয়াৰ পৰাই মোৰ কোনো চকু নাই


এতিয়া যি দেখি আছোঁ তাত 

এজন অন্ধ মানুহ আছে 

অথবা 

অন্ধ মানুহ এজনে এৰি যোৱা মোৰ চকুদুটা 


মোৰ এই অতিৰিক্ত চকু দুটাৰ উপযোগিতা 

ভাৰতবৰ্ষ তোমাৰ চকুত শূন্যৰ সমান 


অন্ধতাৰ সৰ্বোত্তম উপযোগিতাৰ পৰাই 

এদিন তোমাৰ মাটিতে সৰি পৰিছিল

চৰাই চকুৰ দুটা ৰুঢ় আপেল 


দুটা মেকুৰী

এদিন সপোনত মই দুটা মেকুৰী দেখিলোঁ 


এটা মেকুৰী ভোকত আছিল 

আনটোৰ মেকুৰীৰ আভোক


আভোকৰ মেকুৰীটো ঘৰচীয়া কৰি 

এদিন ভোকৰ মেকুৰীটো অঘৰী হ'ল 


এতিয়া ঘৰবোৰত আভোক বাঢ়িলে 

মানুহবোৰে বিচাৰি ফুৰে 

সপোনৰ একোটা ভোকৰ মেকুৰী


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages