তিনিটা কবিতা
গুনোজীৎ দাস
জেঠীনেচীয়া
দাঁতবোৰে আমাক চোবাই খোৱাৰ শেষত
এদিন চেলেকি খাব বিচাৰিলে আমাৰ ঘৰবোৰ
আমি জেঠীবোৰক হত্যা কৰিলোঁ
সহজপন্থা অৱলম্বন কৰি
ঘৰবোৰ হৈ পৰিল জেঠীনেচীয়া
এতিয়া নেজ লৰাই লৰাই
লাওখোলা এটাৰ ভিতৰলৈ সোমাই গৈ থাকিল
আমাৰ দন্দহীন জীৱন
চকু
মোৰ চকুদুটা এদিন এজন অন্ধ মানুহক
দি আহিলোঁ
তেতিয়াৰ পৰাই মোৰ কোনো চকু নাই
এতিয়া যি দেখি আছোঁ তাত
এজন অন্ধ মানুহ আছে
অথবা
অন্ধ মানুহ এজনে এৰি যোৱা মোৰ চকুদুটা
মোৰ এই অতিৰিক্ত চকু দুটাৰ উপযোগিতা
ভাৰতবৰ্ষ তোমাৰ চকুত শূন্যৰ সমান
অন্ধতাৰ সৰ্বোত্তম উপযোগিতাৰ পৰাই
এদিন তোমাৰ মাটিতে সৰি পৰিছিল
চৰাই চকুৰ দুটা ৰুঢ় আপেল
দুটা মেকুৰী
এদিন সপোনত মই দুটা মেকুৰী দেখিলোঁ
এটা মেকুৰী ভোকত আছিল
আনটোৰ মেকুৰীৰ আভোক
আভোকৰ মেকুৰীটো ঘৰচীয়া কৰি
এদিন ভোকৰ মেকুৰীটো অঘৰী হ'ল
এতিয়া ঘৰবোৰত আভোক বাঢ়িলে
মানুহবোৰে বিচাৰি ফুৰে
সপোনৰ একোটা ভোকৰ মেকুৰী
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩


No comments:
Post a Comment