এই ব’হাগ কাৰ বাবে
ৱাহিদ আহমেদ
কাটাৰ, ডোহা
কুলিৰ মাত শুনিছোঁ
ব’হাগ আহিছে যেন লগাই নাই
কুঁহিপাত বোৰ ওলাইছে
কপৌফুলবোৰ ফুলি আছে
কপৌফুলবোৰ খোপাত লগাবলৈ
নাচনীকেইজনীও নাই
তেন্তে এইবাৰ ৰঙালীত
অসমীয়াৰ চোতাল
কি উকা হৈ থাকিব নে ?
ঢোলৰ চেৱে চেৱে
বাঁহীৰ মিঠা মাতেৰে
বিহুৱান খনি লৈ
তোমাৰ ঘৰলৈকে আহিম বুলি ভাবিছোঁ
তোমাৰ হাতৰ জেতুকা কিন্ত
একেবাৰে ৰঙাকৈ লগাবা
তোমাৰ হাতখনতে
মই লিখিম এইবাৰ বসন্তৰ বতৰা
তোমাৰ হাতত দিম ব’হাগৰ উপহাৰ
ব’হাগৰ পুৱা তুমি ক’লৈকো নাযাবা
দেৰি হ’লেও মই আহিম
তোমাৰ গীতৰ তালে তালে
উলাহত ময়ো নাচিম ৷
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩
No comments:
Post a Comment