সৰু মানুহ
যতীন মিলি
সৰু মানুহৰ সমাদৰ নাই ।
হাঁহিয়াতৰ পাত্ৰ এটা হৈ কেৱল সমৃদ্ধ কৰে সভাৰ সৌষ্ঠৱ
গান গায়
লিখে কবিতা
অথচ কোনেও নুশুনে গান
কোনেও নপঢ়ে কবিতা
জ্ঞাতিৰ সবাহতো নাপায়
আগস্থান
মোৰ পিতায়ো আছিল সৰু মানুহ
অনবৰত বুকুত কঢ়িয়াই লৈ ফুৰিছিল
অনাদৃত মোহৰৰ ছাপ এটা
তেৱেঁই কৈছিল-
সৰু মানুহৰ মন তৰাফুলা ৰাতিৰ আকাশৰ দৰে ফৰকাল
সাগৰৰ দৰে সুগভীৰ হৃদয়
সময়ৰ দৰে সঠিক সিদ্ধান্ত
কুমাৰণীৰ ঈশ্বৰপ্ৰদত্ত শিল্পসত্তাৰ ভূ-নোপোৱা মানুহবোৰে কাহানিও দেখা নাপায়
সৰু মানুহৰ মনৰ সৌন্দৰ্য
সৰু মানুহৰ ওপজা দিন নাথাকে
নাথাকে শোকসভা
সোঁৱৰণিৰ শিল এটুকুৰাত খোদিত কৰিব পৰাকৈ নাথাকে ইতিহাস
অকল্পনীয়
বয়স আৰু অভিজ্ঞতাৰ পোহৰেৰে সৰু মানুহবোৰে
হৃদয়ৰ কোনোবা এখন চুবুৰী পোহৰাব খুজিলেও
ইতিকিঙৰ ফৰ্মূটি মাৰে
ঈৰ্ষাৰ জুইত জ্বলি মৰে
এদিন পিতায়ে কৈছিল-
সৌ আকাশখনলৈ চোৱা
গাভৰু তৰাজাকৰ স'তে জোনটিয়ে কিদৰে আনন্দমনে খেলি আছে
সৌ নদীখনলৈ চোৱা
হালি-জালি থকা কঁহুৱা ফুলবোৰ কিদৰে উগাৰি উগাৰি খাই আছে জাঁজীয়ে
আৰু
সৌ গাওঁখনলৈ চোৱা
নেগুৰ নথকা এজাক বান্দৰে কিদৰে কাঢ়িছে অকাৰণ
নিৰীহৰ মুখৰ মাত
ভিকহুৰ ভোকৰ ভাত
কাৰণ এটাই-
তেওঁলোক সৰু মানুহ !!
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩
No comments:
Post a Comment