যুগান্তৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

যুগান্তৰ

 


যুগান্তৰ

                 লাৱণ্য নাথ

                   বঙাইগাঁও


মায়াছন্ন সকলো

উপেক্ষিত সময়

অথচ আঁতৰি গৈছে ওচৰৰ পৰা 

ভালপোৱা সকলো সংগী।


আৱৰ্তনত ঘূৰি আহে বুমেৰাং হৈ

ছন্দহীন হৈ পৰে জীৱনৰ গান।


লাহী সূতাৰ ওপৰেৰে পাৰ হৈ 

জাহ যায়

হিংসা,মিথ্যা,লোভ।

সময়ৰ নিৰ্দেশত 

আমি সকলোৱে গতি কৰোঁ

একে পথেৰে 

যেন যুগৰ অন্বেষণত 

ভগৱানৰ প্ৰাপ্তি বচন।


মিলনৰ নগৰ শান্তিনগৰ

সুৰজিৎ ভূঞা

বৰপেটা


সম্প্ৰীতিৰ এনাজৰীৰ

বান্ধোনৰ শিকলিত 

ঐক্যতাৰ আজি নিদৰ্শন 

এক অভূতপূৰ্ব ।


মিলিত আজি সকলো অঞ্চলজুৰি

মিলনৰ নগৰ,ঐক্যতাৰ নগৰ শান্তিনগৰত ।


হৰিনামৰ তালে তালে

চৌদিশে ৰজনজনাই

বাজে মৃদঙ্গ-খোল ।


হৰিনামৰ প্ৰতিধ্বনিৰে মুখৰিত  

অঞ্চলজুৰিত আজি

ঐক্যতা,সম্প্ৰীতিৰে গঢ়ে 

নৱ নৱ প্ৰভাতে ।


চৌদিশে মুখৰিত হৈ

বাজি উঠে হৰি নামৰ ধ্বনি 

পৰিণত হয় যেন বৈকুণ্ঠপুৰী ।


হে মোৰ মাতৃভূমি অঞ্চল শান্তিনগৰ

ৰূপালী জয়ন্তীয়ে গৰকা পালনামে

অনাদিকালত হওঁক

ঐক্যতাৰ এনাজৰী

বাৰ্তাবাহক হওঁক শান্তিৰে পৰিপূৰ্ণ ।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages