কিলিং নৈ বৈ আছে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 30, 2023

কিলিং নৈ বৈ আছে

 


কিলিং নৈ বৈ আছে                                    

জনাৰ্দন পাটৰ মছৰং


কিলিং নৈ বৈ আছে

বহু ইতিহাসৰ সাক্ষী হৈ

কিলিং নৈ বৈ আছে

গোভা ৰজাৰ গৰিমাৰ সাক্ষী হৈ


কিদৰে কিলিঙৰ বুকুত উটি গৈছিল বগা ফিৰিঙি

আজিও আছে বগা কুকুৰ হেৰুৱা ঠাই

উমছোৱাইৰ বাকৰিত

তাৰেই সাক্ষী হৈ বৈ আছে কিলিং নৈ


কিদৰে ইয়াণ্ডাবু সন্ধিৰ বহু বছৰৰ পাছতো

স্বাধীন আছিল গোভা

অৱশেষত কিদৰে বগা ফিৰিঙিৰ বিৰুদ্ধে

সাহসেৰে যুঁজিছিল গোভাৰ সৈন্যই

সকলোবোৰৰ সাক্ষী কিলিং নৈ। 


এতিয়া গোভা সলনি হ'ল

ক্ষমতাহীন হল গোভা। 

গোভাত এতিয়া পুঁজিপতিৰ হাতোৰাৰ কোব

নিঃশেষ হৈছে ঐতিহাসিক চিহ্নবোৰ

সংকট নামিল গোভালৈ

এই সকলোবোৰৰ সাক্ষী কিলিং নৈ

সাক্ষী হৈ ৰ'ব যুগ যুগান্তৰলৈ…..


Doksiri দকচিৰি, মে, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages