অনাহূত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 30, 2023

অনাহূত

 


অনাহূত

আশা বৰা মন

নগাঁও


নৈ পৰীয়া বতাহজাক মতলীয়া

সেমেকা গধূৰ

শান্ত সমাহিত দুচকুত কঢ়িয়াই লৈ ফুৰে 

ৰ'দৰ গান

অন্তহীন...


এজাক সাৰেঙৰ খলকনিত

নৈত সৰি পৰে জোন


চহৰ অভিমুখী এদল জীৱন সন্ধানী ডেকা

দুভৰিত লালসাৰ জুনুকা


ৰঙৰ উপত্যকা

ৰূপৰ ঢৌ

চেতনাৰ পথাৰ

ক্ৰমাৎ নিজম হোৱা

উদং নদীৰ বুকুত ৰত্ন বিচাৰি অহা

সন্ধিয়াৰ প্ৰতিটো প্ৰাৰ্থনা


অলপ সেউজীয়া

এৰা, অলপ সেউজীয়াৰ প্ৰেমত

মনটোৱে একোকে নামানে

দৌৰি থাকে অহৰহ


ক্ৰমশঃ দীঘল হৈ গৈ থাকে

এটা কাহিনী

যেন আহত বুকুৰ বিননি ৷


ফোনঃ ৯৬৭৮৯৪১৭১৮


Doksiri দকচিৰি, মে, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages