দেওলগা ৰাতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 30, 2023

দেওলগা ৰাতি

 


দেওলগা ৰাতি

ৰূপম নাথ


দৃশ্যঃ এক


সাৱটি নোপোৱা বুঢ়া শিমলুত

জাকে জাকে মৌচাক


উৰি আছে মৌপিয়া


ডাঙৰীয়াক আদৰাৰ প্ৰস্তুতিৰে মুখৰ

এজাক বতাহ


দৃশ্যঃ দুই


শুধ বগা পাগ খুলি কোন জঁটাধাৰী !



দৃশ্যঃ তিনি


লোম শিহঁৰি উঠা বতাহৰ পকনীয়া


খোড়া - গোঁসাইৰ দেওলগা চকু



দৃশ্যঃ চাৰি


ডাঙৰীয়াই আসন পাতি বহে



দৃশ্যঃ পাঁচ            


বগা পাগৰে ভকভকীয়া

বুঢ়া আতাৰ চেতনত

         " অথিৰ ধন জন

            জীৱন যৌৱন…"


Doksiri দকচিৰি, মে, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages