বহাগ
জ্যোৎস্না শইকীয়া
বহাগ তই বাৰু কিয়নো আহিল ?
পৃথিৱী খনি এতিয়া যে মহামাৰীৰ ৰূপত..!
বহাগ তোকযে এই বিপদ সংকট কালত
জেতুকা বোলোৱা দুখনী লিহিৰি হাতেৰে আদৰিবও নোৱাৰো।
নোৱাৰো তোৰ ডিঙিত বোলাব ফুলামকৈ গামোচা
বহাগ তোকযে নোৱাবও নোৱাৰো মাহ - হালধিয়ে
মাথো তই দূৰৈত ৰৈ শুনিবি পৃথিৱীৰ দুখ ভৰা বিননী।
বহাগ তই আহিলেও....
ঢোল, পেঁপা, গগণা, বাঁহীৰ মাতে,
মুখৰিত কৰিব নোৱাৰো আমাৰ পদুলি
নোৱাৰো বহাগ! তোৰ ঘিলা খোপাত কপৌ ফুল গুজিব!
কপৌ, তগৰৰ চৌদিশ আমোল মোল কৰি ডালতে মৰহিব।
বহাগ তই বাৰু কিয়নো আহিল?
Doksiri দকচিৰি, মে, ২০২৩
No comments:
Post a Comment