জীৱন বৃত্ত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 30, 2023

জীৱন বৃত্ত

 



জীৱন বৃত্ত 

ৰাজু কুমাৰ নৰহ 


জীৱন সাগৰত, মই নাওঁৰ  বঠা

ঢৌ ভৰা গভীৰ সাগৰখন 

পাৰ হোৱাৰ আশাৰে,

ৰুগ্ন হৃদয়ৰ কোণে কোণে 

কৰ্কথনাৰ দুখ পাহৰি।

প্ৰাণ ঢাকি কৰিছো অগ্ৰাণ চেষ্টা,

দুষ্কৃতি ঢৌৱে বাৰে বাৰে নাওঁখন  লুতীয়াই নিয়ে

বিকৃত বৰফৰ চেঁচাত মোৰ হাত ভৰি ধৰফৰাই।

স্নেহবিহীন ঢৌবোৰে মোৰ কপালত এশিকনি  দি যায় 

মাতাল ধুমুহাই মোৰ বুকুত খুন্দিয়াই 

খঙাল বজ্ৰপাতে মোৰ দেহা জ্বলাই থৈ যায়। 

তথাপি, নাওঁখন মই হেৰুৱাব বিচৰা নাই 

নাওঁৰ গতিতেই মই জীৱন সাগৰ পাৰ হব বিচাৰো 

কাৰণ, বিনা বঠাৰ নাওঁৰ কোনো অস্তিত্ব নাই।


Doksiri দকচিৰি, মে, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages