ৰ'দৰ গান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 30, 2023

ৰ'দৰ গান

 


ৰ'দৰ গান

বিশ্বজিত শইকীয়া 

  কাৰ্বি আংলং


তেওঁ খেপিয়াই ফুৰিছে

ৰ'দৰ এটা গুণ গুণ গান

তেওঁ দেখিছিল 

এজাক এন্ধাৰৰ বৰষুণ।


ক্ৰমশ: মৰি অহা এটা

জীয়া সুঁতি,

তাৰ পাৰত সাজি দিয়া হল

কেইটামান বালিঘৰ।


পাক্ ঘূৰণি খাই হেৰাই যোৱা

এখন গৰুবাটৰ নক্সা,

এখন ফুটচাই ৰঙী আকাশ

আৰু এপাল শগুনৰ উল্লাহ

তলত এজাক মৃতদেহৰ বিচৰণ।


জ্বলিছে ইখনৰ পাছত আন এখন

সেউজীয়া পাহাৰ,

উৰিছে ধোৱা

আৰ্তনাদৰ।


তেওঁ গৈ আছে‌ অঙঠাৰ বাটেৰে

সিপাৰে জুয়ে পুৰা এটা ভৱিষ্যত,

কোনে বজাব বাঁহী 

কদমৰ ডালত বহি

এই দেশত দিনতে ৰাতি।


Doksiri দকচিৰি, মে, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages