কবিতা
স্বপ্নশিখা চুতীয়া
গোগামুখ, ধেমাজি
কবিতা মোৰ বেদনাৰ উপশম
আনন্দৰ এপাহি ধুনীয়া কাঞ্চন
হেঁপাহৰ দীঘলীয়া ৰাতি
যাৰ লগত মই কথা পাতো
মায়াবী শব্দৰ মালা গাঁঠি।
তেজৰঙা চিয়াঁহীৰে লিখা মোৰ
সচা অনুভূতিৰে প্ৰাণ পাই উঠা
মোৰ কবিতাৰ উচ্ছল তৰঙ্গ
এতিয়া মই বন্দী
কবিতাৰ সোনালী পোতাশালত
সন্ধিয়াৰ ম্লান হোৱা ধূসৰ পাহাৰৰ মাজত।
কবিতা মোৰ আবেগময় জীৱনৰ
ছন্দ স্পন্দিত ভাষাত উৎপত্তি হোৱা
এক মিঠা অভিব্যক্তি।
মোৰ বিবেক প্ৰজ্ঞাৰ চেতনাৰ
জীপাল কৰি তোলা
কবিতা মোৰ জীৱনৰ ছন্দ।
নতুন শব্দৰ সন্ধানত
পাৰ কৰিছোঁ বহুতো উজাগৰী ৰাতি
আজি মোৰ শৰীৰটোৱেই চোন
কবিতা কবিতা গোন্ধাইছে।।
Doksiri দকচিৰি, মে, ২০২৩
No comments:
Post a Comment