সমাজৰ কীট - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 30, 2023

সমাজৰ কীট


 

সমাজৰ কীট

পৰিমিতা গোস্বামী


     দুপৰীয়াৰ ভাত সাজ খাই মবাইলটো হাততলৈ বিদিশাই বিচনাত বাগৰ দিছে। হুৱাটচ্এপটো খুলি বান্ধবীয়ে দিয়া ভিডিঅ'টো চাইছে । দাঁত খুচৰি খুচৰি এগৰাকীয়ে টেঁটুৰ গুৰিলৈকে বিয়াঘৰত খাই আহি বিয়াঘৰৰে বদনাম ৰটি আছে। দেখিয়েই বিদিশাৰ টিঙিছকৈ খং উঠি গ'ল। সমাজত এনেকুৱা এচাম আছেই, কামৰ নামত কুটা এগছৰো সহায় নাই ; টেঁটুৰ গুৰিলৈকে এসোপা খাব পাৰিলে টোপোলা বান্ধি এসোপা আনিবও ঘৰত আহি বিয়াঘৰৰে বদনাম ৰটি থাকিবহি । এইবোৰ আচলতে সমাজৰ কীট। ইহঁতৰ বাবেই সমাজবোৰ সঠিক দিশত আগবাঢ়িব পৰা নাই । ভিডিঅ'টো অফ কৰি বিদিশাই বান্ধবীলৈ এটা মেচেজ লেখিলে।

        তই চাগে ভিডিঅ'টো বৰ ভাল পালি নহয়নে! মোৰ হ'লে খঙহে উঠিল। এনেকুৱা এচাম সস্তীয়া মানসিকতাৰ মানুহৰ বাবেই সমাজখন টকা-পইচাৰে চহকী হ'লেও মন-মগজুৰে চহকী হোৱা নাই।

       মেচেজটো পঠিয়াই নেটটো অফ কৰি তাই শুই থাকিল।


Doksiri দকচিৰি, মে, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages