দিকচৌ বনত
লাৱণ্য নাথ
বঙাইগাঁও
তোমাক বিচাৰি ফুৰোঁ
দুখ বা সুখৰ প্ৰতিটো ক্ষণে
আৱৰি থকা মোৰ শূন্যৰ হিয়াত।
সপোনৰ সেউজ মুহূৰ্তবোৰ বাস্তৱ
কেতিয়া হ'ল ধৰিব নোৱাৰাকৈয়ে
সলনি হ'ল সময়ৰ নিখুঁত পৃষ্ঠা।
কওঁ বোলা কথাষাৰ বুকুত সামৰি
খোজ দিলোঁ নিয়তিৰ পথে
কক্ষপথত ৰৈ ঘূৰিছোঁ মাথোন
কাৰোবাৰ পুতলা নাচৰ পুতলাটো হৈ ;
সপোন দেখা আবেলি কথাবোৰ
সম্প্ৰতি পাহৰি থাকিলোঁচোন
অতীত বিচাৰি গৈ মধুময় ক্ষণবোৰে
লৈ যায় দূৰৰ পৰা বহু দূৰলৈ।
Doksiri দকচিৰি, মে, ২০২৩
No comments:
Post a Comment