এইয়াই প্ৰেম
অনিদীপ টায়ে
ধেমাজি
দুদিনীয়া জীৱনত আৰুনো
কিমান জীয়াই থাকিম
অকলে অকলে৷
আপোন বুলিবলে কোনোৱে নাই দেখুন
কেনেকৈ থাকিম গোটেই জীৱন জুৰি৷
আনৰ প্ৰেম ভাৱনা চিন্তাবোৰে
কোমল হৃদয়খনক খুন্দিয়াই৷
তোমাৰ স্মৃতিবোৰে গোপনে আছে
হৃদয়ত লুকুৱাই৷
সচা প্ৰেম গভীৰ হয় কেতিয়া
তোমাৰ প্ৰতি মোৰ মৰম-চেনেবোৰে
মিলন হয়
সচা প্ৰেম গভীৰ হয় তেতিয়া৷
দিনৰ পিছত ৰাতি হয়
মনৰ মাজত মিলন হয়
তোমালৈ অপেক্ষাত ৰৈ
থাকিম চিৰদিনলৈ৷ ৷
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩
No comments:
Post a Comment