ভূঁইচম্পা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

ভূঁইচম্পা

 


ভূঁইচম্পা

মল্লিকা হাজৰিকা


      পিৰালিৰ কাষত এডৰা ভূঁইচম্পা ফুল ফুলি আছিল৷ যতন নোলোৱাকৈ যেনি তেনি গজি উঠা বগা বগা ভূঁইচম্পা ফুলবোৰলৈ চাই তাই বহি থাকে৷ বেছি দেৰি বহি থাকিবও নোৱাৰে,কঁকালত ধৰে,পেট টনটনায়৷ তাই সস্নেহেৰে পেটত হাত বুলাই দিয়ে৷ লাহে লাহে খোজ কাঢ়োতে ভূঁইচম্পা ফুলৰ হালধীয়া ৰেণুবোৰ তাই আলফুলে চুই চায়৷সৌ সিদিনালৈকে তাই ঘৰ-চোতাল অঁতাই ৰাখিছিল৷ এতিয়া নোৱাৰে৷দেহাই নাটানে৷ভৰা পেটেৰে তাই কোনোমতে ভাতমুঠি ৰান্ধে৷দাগ দি থোৱা কেলেণ্ডাৰখনত তাই দিন গণে৷ এই শেহৰ দিনকেইটা নাযায় নুপুৱায়৷ল'ৰাটোৰ মুখখন শুকাই থাকে৷

"মাজান৷"

সি মৰমেৰে তাইৰ মূৰটো মোহাৰি দিয়ে৷ফুলি উঠা ভৰি পিতিকি দিয়ে৷ বেহেস্তৰ এজনী পৰী আহিব দুয়োটাৰে জীৱনলৈ- তাইৰ টোপনি নহা ৰাতিবোৰত সি তাইক পৰীজনীৰ সাধু শুনায়৷ মাজানে ইকাতি-সিকাতি কৰি থাকে৷ তাইৰ ভোক লাগে৷ ঠাণ্ডা পানী এগিলাচ কলহৰ পৰা লৈ ঘটঘটাই পি খায়৷বিস্কুটৰ টেমাটোলৈ হাত মেলিব খুজিও তাই ৰৈ যায়৷

দিনবোৰ নাটনিৰ৷

বিস্কুটৰ পেকেট এটাও এই দিনত আটকীয়া৷

      পেটত আৰু এটা জীৱ৷ ঘনাই ভোক লগাতো স্বাভাৱিক৷পিছে পেটৰ জুই সহি-সামৰি থাকিবলৈ বাধ্য হৈ পৰা সময় এয়া৷ ল'ৰাটোৰ চেলাউৰি কোঁচ খাই থাকে৷তথাপি সি হাঁহিবলৈ যত্ন কৰে৷হাত দুখনেৰে আজুৰি ভাগৰি নপৰা ল'ৰা সি৷ কেও-কিছু নাইকিয়া ল'ৰাটোৰ সাৰথি বুলিবলৈ খেতিমাটি তিনিবিঘা আৰু মূৰ গুজি থকা এই ভেটিটো৷ তিনিবিঘা মাটিত সি সলাই সলাই খেতি কৰে৷শুকুৰবাৰে নামাজলৈ যোৱাৰ বাহিৰে বাকী সময় সি খেতিতে লাগি থাকে৷গোটেই গাঁৱৰ ভিতৰত তাৰ সৰিয়হডৰা প্ৰথমতে ফুলে৷তাৰ খেতিৰ সমান পূৰঠ কেপচিকাম-বিলাহী কাৰো নহয়৷ বাৰিষা পল্লা নদীৰ পানীকো নেওচি সি বৰো ধানৰ খেতি কৰে৷ খেতিত লাগি থাকোতে সি সময়ত ভাতমুঠি খাবলৈও পাহৰে৷ ভাতমুঠি-চাহপানীটোপাৰ যত্ন ল'বলৈ গাঁৱৰ ৰাইজে মিলি তাৰ সংসাৰখন পাতি দিলে৷মাজানৰ ঘৰ পল্লাৰ সিপাৰে৷তাই হাইস্কুলৰ ওপৰ শ্ৰেণীলৈকে পঢ়া ছোৱালী৷বাবাকৰ ইন্তেকাল নোহোৱা হ'লে তাই হয়তো কলেজতো পঢ়িলেহেঁতেন৷ পাচলি বেচিবলৈ হটাপাৰা বজাৰলৈ গ'লে সি ওচৰত থকা কলেজখনলৈ ডিঙি মেলি চায়৷ তাৰ পৰীজনীক কলেজত পঢ়ুৱাব লাগিব৷

তাৰ সপোনৰ কথা শুনিলে মাজানে মুখ ঢাকি হাঁহি পেলায়৷

"ৰ'বাচোন৷এতিয়াই ইমান নাভাবিবা৷"

    মাজানৰ মাত-কথা পোন৷গাঁৱৰ বাকী মানুহৰ দৰে তাইৰ মাত-কথাত ভাঁজ নাই৷ তাই ঘৰ-দুৱাৰ নিকাকৈ সাৰি-মচি থয়৷ সূতাৰ পৰিচ্ছন্ন শাৰী পিন্ধে৷ এইজনী মাজানৰ কাৰণেই ইকবালে নিকাহৰ পিছদিনাই পঞ্চায়তৰ সভাপতিৰ ঘৰলৈ দৌৰিছিল৷ খাটনি ধৰি চেনিটেৰী লেট্ৰিনৰ ব্যৱস্থা কৰিছিল সি৷ ডাঙৰ শিল এচটা বাঁহেৰে বেৰি গা-ধোৱাৰ ব্যৱস্থাও মজবুত কৰি পেলাইছিল৷ সেই মাজানৰে এতিয়া গা গধুৰ৷

    গাঁৱত নিয়োজিত আশা বাইদেৱে আৰম্ভণিৰেপৰা মাজানক চাই প্ৰয়োজনীয় ঔষধ-পাতি দি আছে৷তাকে দেখি গাঁৱৰ অন্য মহিলাবোৰে হাঁহে৷মাজান আৰু ইকবালে গুৰুত্ব নিদিয়ে৷

হঠাতে মানুহৰ হাঁহিবোৰ নাইকিয়া হ'ল৷

হঠাতে মানুহৰ ছাঁটোও দেখিবলৈ নোপোৱা হ'ল৷

প্ৰথমতে মানুহবোৰে অত্যন্ত ভয় খালে৷ কথাৰ মোৰ নোপোৱা হ'ল৷কেতিয়াও নুশুনা বেমাৰ এটাই মানুহক চেপি-খুন্দি পেলালে৷

     এইবাৰে ইকবালে বেলেগ সঁচৰ বিলাহী পলমকৈ ৰুইছিল৷ 'চিজন' যোৱাৰ পিছত দাম বেছি পায়৷ বিলাহীয়ে পক ধৰিছিল৷এই সময়ত কুমলীয়া তিয়হবোৰৰ বজাৰত বৰ আদৰ৷পিছে এতিয়া পাচলি কিনা মানুহ নাই৷ বেচিবলৈ বজাৰ নাই৷ মানুহ ঘৰত সোমাই থাকিবলৈ বাধ্য৷

এয়া লকডাউনৰ সময়৷

মানুহ ঘৰৰ পৰা এখোজ বাহিৰলৈ ওলাব নোৱাৰা সময়৷

তিনিবিঘা মাটিৰ ফচলে ইকবালক ৰাতি ৰাতি শুবলৈ নিদিয়া সময়৷

      ঘৰত গেৰ ধৰা ধানৰ সম্ভাৱনা লৈ মাজান৷মাজানক যত্ন আৰু পৰিচৰ্যাৰ দৰকাৰ৷মাজানৰ মুখৰ জুতি অনুযায়ী ইটো-সিটো খোৱাবস্তুৰ প্ৰয়োজন৷ সি গাঁৱৰ অন্য দহটা মৰ্দৰ দৰে নহয়৷সি খেতিদৰাৰ যতন লোৱাৰ দৰে মাজানৰো যতন লয়৷ মুকলিমূৰীয়া মাজান বোৰ্খাৰ আঁৰত নাথাকে৷ মাজানে মূৰত হিজাব নামাৰে৷মাজানে চোতালত ফুলপুলি ৰুৱে৷ ইকবাল-মাজানৰ ঘৰত মুৰ্গীৰ জাক দেখিবলৈ পোৱা নাযায়৷ তাইৰ মুৰ্গীৰ কণী খাবলৈ মন যায়৷ ইকবালক নকয়৷তাৰ হাতত টকা-সিকাৰ অভাৱ৷যিখিনি আছে,তাইৰ গা খালাচ হওঁতে দৰকাৰ হ'ব বুলি সাঁচি থৈছে৷ পানীৰ দৰত দিলেও পাচলি কিনা মানুহ নাই,উপাৰ্জনৰ সকলো পথ বন্ধ৷ ফ্ৰীতে চাউল-দাইল পাই আছে বুলি লঘোণ পৰা নাই৷

      লকডাউন সামান্য শিথিল হ'লেই মানুহ বেংকলৈ দৌৰ মাৰে৷চৰকাৰী সাহাৰ্যৰ টকাৰ বাবে হেতা-ওপৰা কৰে৷ পথাৰত পাচলি গেলি গ'ল৷ মানুহে একোলৈকে ভয় নকৰা হ'ল৷বেমাৰত মৰা ভয়ক অনাটনৰ দিনবোৰে চেৰ পেলাই যায়৷ মুখত মাস্ক পিন্ধিবলৈ - হাত সঘনাই ধুবলৈ কৰা অনুৰোধক নস্যাৎ কৰি মানুহবোৰে পাতে- এইবোৰ সব মিছা৷ এই নামৰ বেমাৰ নায়েই৷ সব ভাও৷

     ইফালে বেমাৰ আৰু বেমাৰী বাঢ়ি আছে৷ অন্যফালে বেমাৰক লৈ ৰাজনীতি আৰম্ভ হৈছে৷ ভিন ভিন স্কীমৰ টোপ দি মানুহৰ পৰা টকা লুটিবলৈ লৈছে এচামে৷উৎকট গৰমত মাজানে নীৰৱে দিন গণে৷আশা বাইদেউজনীও নিয়মিত নহা হৈছে৷ ঠিক তেনেকুৱা দিনতে গাঁৱলৈ এজাক পুলিচ আহে৷ পুলিচ আহোতে উৰহী গছৰ ওৰটো ওলাল৷পঞ্চায়তৰ মেম্বাৰ হাফিজৰ পুতেক আৰু সৌ সিটো চুকৰ আব্দুলৰ ভায়েক চেন্নাইৰ পৰা মনে মনে গুচি আহিল৷ দুয়োটাই চেন্নাইত চিকিউৰিটি গাৰ্ডৰ কাম কৰি আছিল৷ ৰাজ্যৰ বাহিৰত থকা মানুহবোৰ এতিয়া চৰকাৰে ঘূৰাই আনি কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখিছে৷কভিড টেষ্ট কৰিছে৷ নিগেটিভ হ'লে নিৰ্দিষ্ট দিন পাৰ হোৱাৰ পিছত ঘৰলৈ যোৱাৰ অনুমতি দিছে৷ ইহঁত দুটাই গন্তব্যস্থান পোৱাৰ আগতেই ট্ৰেইনৰ চেইন টানি মনে মনে পলাই ঘৰলৈ আহিল৷ গন্তব্যস্থানত চৰকাৰী তথ্য নিমিলাত পুলিচ গাঁৱলৈ আহিল৷ হাফিজৰ পুতেকৰ জ্বৰ৷

     ৰাতিলৈ খবৰ আহিল৷ হাফিজৰ পুতেক পজিটিভ৷কভিড পজিটিভ৷ইকবালে মূৰে-কপালে হাত দিলে৷ চৰকাৰী সুবিধা পোৱাৰ আশাত পঞ্চায়তৰ মেম্বাৰ হাফিজৰ ঘৰত সি কালি পাচলি এটোপোলা দি আহিছে৷ চাহ-তামোল খাই এপৰ মেল মাৰিও আহিছে৷পুতেক অহা বুলি নাজানে৷

     হাফিজৰো জ্বৰ উঠিছে৷সেইদিনা ইকবালে খোৱাত একো ৰুচি নোপোৱা হ'ল৷ মাজানেও ভাতমুঠিত সাদ-সোৱাদ নাপালে৷তাক ওচৰৰ হেলথ চেণ্টাৰত টেষ্ট কৰাবলৈ ক'লে আশা বাইদেৱে৷

ৰেপিড টেষ্টত ইকবাল আৰু মাজান পজিটিভ৷

লৰাঢপৰা লাগিল৷ নমহীয়া গৰ্ভৱতী মাজানক খৰতকীয়াকৈ মেডিকেল কলেজলৈ লৈ আনিলে৷ সি বেলেগ এটা কোৱেৰাণ্টাইন চেণ্টাৰত ৰৈ গ'ল৷সকলো পৰীক্ষা-নিৰীক্ষাৰ অন্তত তাইক সম্ভাব্য প্ৰসৱৰ বাবে সাজু কৰোৱা হ'ল৷পি পি ই কিট পিন্ধা এদল চিকিৎসকে মাজানৰ অপাৰেশ্যন কৰিলে৷ ইকবালে ভবাৰ দৰেই অকণমানি পৰী এজনী আহিল৷ জ্বৰ-বিষ আৰু অৰ্ধচেতন অৱস্থাত মাজানে মূৰ তুলি চালে৷ফুলো-নুফুলো এপাহ ভূঁইচম্পা ফুলক ফ্লেনেল কাপোৰেৰে মেৰিয়াই থৈছে৷ এই দুঃসময়ত তাই এপাহ ভূঁইচম্পা ফুলৰ দৰে ফুলিছে৷

ফুলপাহে জন্ম হৈয়ে পৰীক্ষা দিলে৷

ফলাফল নিগেটিভ৷


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages