গ্ৰন্থ আলোচনা
দেৱাল বগোৱা দহোটা তেজী ঘোঁৰা
ক'ৰবাত অকণমান জী থকা যাতনা, গৈ থকাৰ অজুহাত আৰু ক'বলৈ উথলি উঠা মাতৰ বুৰবুৰণি। অনাখৰী আইৰ মাত আৰু পিতাইৰ ঘামৰ জাপিটোৱে সোঁৱৰাই থকাখিনিত দেখিছে কবিয়ে কথা কবিতাৰ বুৰবুৰণি। সেই বুৰবুৰণিক নিজা প্ৰাণৰ ভাষাৰে শব্দৰ সহায়ত মনৰ তুলিকাৰে অনুভৱ , অনুভূতিবোৰক সজাই একোখন ৰঙীণ বাক্চিত্ৰ বা চিত্ৰকল্প অংকিত কৰি তুলিছে কবি হিতেশ মেধিৰ " দেৱাল বগোৱা দহোটা তেজী ঘোঁৰা "। আজি মই এই গ্ৰন্থখনি পঢ়ি মোৰ মনত অনুভৱ হোৱা কথাখিনি ব্যক্ত কৰিবলৈ লৈছোঁ।
গ্ৰন্থৰ নামঃ--- দেৱাল বগোৱা দহোটা তেজী ঘোঁৰা
কবিঃ---হিতেশ মেধি
প্ৰকাশকঃ---শংকৰদেৱ প্ৰকাশন , নগাঁও , অসম
বেটুপাতঃ---নীলাভ সৌৰভ
মূল্যঃ---১৫০ টকা
কবিতা বুলিলে মনলৈ আহে এক নিৰিবিলি প্ৰশান্তি ভাব। কবিতা বুলিলেই জাগে হৃদয়ত এক মিঠা অনুভূতি। কবিতা বুলিলেই হয় চঞ্চল মন গভীৰ, গভীৰ মনো হয় কেতিয়াবা চঞ্চল। কবিতাই সিঁচি দিয়ে হতাশা -নিৰাশাৰ মাজতো এক আশাৰ ৰেঙণি। কবিতাৰ ভাববোৰ মধুৰ, শব্দবোৰ লুণীয়া। যাক জিভাৰে এবাৰ চেলেকিবলৈ পালে তাৰ সোৱাদ বিচাৰি বাৰে বাৰে শব্দ সাগৰত বুৰ মাৰে। কবিতাবোৰ হ'ল অন্তহীন যাত্ৰাৰ কবিৰ মনৰ এক গভীৰ ভাবৰ বুৰবুৰণি। যাক চেকি -সেকি, চালি-জাৰিলৈ এডাল ফুলৰ মালাৰ দৰে গুথা হয় । কবিতাবোৰ সুখ-দুখ, হাঁহি-কান্দোন, পোৱা -নোপোৱা, আশা-নিৰাশা, জীৱ-জন্তু, চৰাই-চিৰিকটি, গছ-বন, নদ-নদী, সাগৰ-মহাসাগৰ, জীৱ-জড়, জন্ম-মৃত্যু ইত্যাদি সকলোকে লৈ কবিতা সৃষ্টি হয়। ঠিক তেনেকৈ কবি হিতেশ মেধিৰ কবিতাসমূহত মানৱ জীৱনৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আদিকে ধৰি প্ৰকৃতিৰ বিনন্দীয়া সৃষ্টিক ভাবৰ তুলা-চালনীৰে জুখি-মাখি থলুৱা ভাব-ভাষাৰে খুউব তীক্ষ্ণ ভাবে চিন্তা-চৰ্চাৰ মাজেৰে কবিতাসমূহ প্ৰকাশ কৰিছে। তেওঁ কবিতা সমূহৰ শব্দ বাক্যসমূহৰ ওপৰত বৰ সচেতন। কবিতাসমূহত একো একোটো সুকীয়া চিন্তাধাৰা ভাবধাৰাৰ প্ৰতিফলন ঘটিছে। কবিতাসমূহৰ ন ন চিত্ৰকল্পৰ প্ৰতিফলন আৰু আমাৰ গাঁৱলীয়া সমাজৰ যি থলুৱা ভাষা সেইবোৰ প্ৰয়োগে কবিতাসমূহৰ অনন্য মাত্ৰা প্ৰদান কৰিছে। কবি এজন
সদায় সচেতন শব্দ -বাক্ শৈলীৰ ওপৰত। সামাজিক দায়বদ্ধতা ৰক্ষা কৰি সমাজ জীৱনৰ যিকোনো পৰিস্থিতিৰ ৰূপ কথা, ৰহস্য নিয়ন্ত্ৰণত ৰাখি তেওঁৰ আবেগবোৰ প্ৰকাশ কৰিছে। তেওঁ কবিতাসমূহত অন্তনিৰ্হিত ৰূপক, চিত্ৰকল্প, প্ৰতীক, উপমাসমূহে কবিতাসমূহ অধিক মনোগ্ৰাহী কৰি তুলিছে । যিসকলে গ্ৰন্থখন পঢ়িছে সেইসকল পাঠকে নিশ্চয় বুজিছে আৰু যিসকলে পঢ়া নাই তেওঁলোকে গ্ৰন্থখনি পঢ়ি চালে কবিতাসমূহ কেনে ধৰণৰ অনুধাৱন কৰিব পাৰিব। সেয়ে নপঢ়াসকলে পঢ়ি চাব বুলি মই আশা ৰাখিলোঁ। মই তলত মাথোঁ দুশাৰীমান উল্লেখ কৰিলোঁ-
আঙুলি
সী থ'বলৈ তেজৰ কোঁহ
আঙুলি কেইটাক ক'লোঁ
সামৰি-সুতৰি
কেঁচা ধপ্ধপনি গণি
ভাগৰত আঙুলি
এঙামুৰিত মই ...
****************
মৰ ঘুমতি
ডুবি আছোঁ
বৈ পৰা পিয়াহত
সামৰণিত মৰসাহ
কিনো এনে কথা আছে
কাণত বাজে দুনাই
পাকত পাকঘূৰণি খায়
ৰাতিটো হেঁচি
মৰ ঘুমতি কোন বাটে যায় ...
*************
আঁত লৈ বেলি পথানত
আঁকিলো মোক
ভোকৰ নাঙঠ কথাখিনি
কাণ দি
মৰঘুমতি কাটিলোঁ ...
***************
কবি গৰাকীৰ কবিতাসমূহ পঢ়ি এনে অনুভৱ হোৱা নাই যে তেওঁ নতুন কবি। কবিতাবোৰ অৰ্থপূৰ্ণ , ভাব গধুৰ। কবি হিতেশ মেধিৰ কবিতা সমূহে অন্তৰত এটি এটি ভাবৰ সৃষ্টি কৰিব পাৰে। এইয়াই হৈছে কবিৰ সাৰ্থকতা। কবিতাসমূহ চকু ফুৰালোঁ , আঙুলিৰে স্পৰ্শ কৰি চালোঁ , শব্দবোৰৰ লগত খেলিলোঁ, কবিৰ কবিতাসমূহৰ ভাৱনাৰ লগত একাত্ম হৈ কবিতাৰ মাজতে ক্ষন্তেক জিৰালোঁ। কবিতা পুখিখন অজ্ঞ পাঠক হিচাপে মোৰ ক্ষুদ্ৰ অনুভৱে কৈছোঁ, এখন সুখপাঠ্য । কবিতা পুথিখন পঢ়িলে সকলোৱে এবাৰ হ'লেও ক'ব কবিতা ভাল লিখিছে বা ভাল লাগিল। এইখনিতে এটা কথা উল্লেখ কৰোঁ-
"শব্দৰ অৰ্থতকৈ শব্দৰ ধব্বনি আৰু মাধুৰ্য্যই মানুহক সহজে প্ৰভাৱিত কৰে।" - জোছেফ কনৰাড্
শব্দৰ একোটা নিজা সৌন্দৰ্য্য থাকে। যাক কবিয়ে ব্যৱহাৰৰ নৈপুণ্যতাই আৰু অধিক মোহনীয় কৰি তুলিব পাৰে। গ্ৰন্থখনিত কবিয়ে শব্দৰ ব্যৱহাৰত যিমান গুৰুত্ব দিছে সিমানেই যদি বাক্য গাঁথনি বা কথনভঙ্গীৰ কৌশল প্ৰয়োগৰ ক্ষেত্ৰত সিমানখিনি সচেতনতা অৱলম্বন কৰিলে কবিতাসমূহ আৰু শ্ৰুতিমধুৰ হোৱাৰ লগতে ভাবৰ কোমলতাই কবিতাসমূহক আৰু অধিক ব্যঞ্জনাময় কৰি তুলিব বুলি মোৰ ধাৰণা হৈছে।
অৱশেষত কবি হিতেশ মেধিলৈ অলেখ শুভকামনাৰে অভিনন্দন জনোৱাৰ লগতে তেখেতৰ ভৱিষ্যৎ উজ্বল কামনা কৰিলোঁ। অনাগত দিনবোৰত ইয়াতকৈ সুন্দৰ কবিতা উপহাৰ দিব বুলি আশা ৰাখিলোঁ।
সাধাৰণ পাঠক
ৰূপা গগৈ
জয়া নগৰ, গুৱাহাটী
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩
No comments:
Post a Comment