জোনাকী পৰুৱা আৰিবা নেকি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

জোনাকী পৰুৱা আৰিবা নেকি



জোনাকী পৰুৱা আৰিবা নেকি

হিমাংশু কলিতা 

গোলাঘাট


ৰঙা গোলাপ জোপাই লাজতে কৈ যায়

হেৰা দীঘল চুলিকোচা কিয় ৰাখিছা ?

তাত কি জোনাকী পৰুৱা আৰিবা নেকি ?

নে বকুলৰ মালা গাঁঠিবা

গোলাপী উঠত মিচিকি হাঁহি নিগৰে

তিৰ-বিৰ বিজুলী বৰ্ষে

তাতনো আকৌ কমলাৰ লিপস্ষ্টিকটো

কিয় লগাব লাগে

নীলা পাৰি চাদৰৰ জোৰা

লগত গঠা চাৱনি লাজুকীয়া

আলফুল হাত 

কোমল পৰসেৰে

হৃদয় খন চুই যায় 

মৰম লাহে লাহে।

নিয়ৰ সনা বৰষুণজাক 

দুৱৰিত পৰিলে

লাজ পাই

কিজানি মৰহি যায়

সেইযে জোনাকী পৰুৱা পৰা 

কোমল হৃদয় ৰ মূখখনি।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages