বিষাদৰ সৌন্দৰ্য্য
প্ৰগতি মেধি
বৰপেটা
তুমি চাগে
ইয়ালৈ নতুনকৈ আহিছা,
ভাল কথা, আমাৰ ঠাইখন
বৰ ধুনীয়া,
মন ভৰি উপভোগ কৰা
ইয়াৰ সৌন্দৰ্য্য
ইয়াৰ শীতল বতাহ, চৰাইৰ
চিৰচিৰণি, নিজৰাৰ
কুলুকুলু মাতে
গা -মন সাত পেলাব তোমাৰ,
ভাবিবা তুমি ইয়াতেই
ৰৈ যাওঁ!
থাকি যোৱা ইয়াতে
আপত্তি নাই আমাৰ
টিলাবোৰ ভৰি থকা
ৰঙীন ফুলবোৰেও
আদৰিব তোমাক
চাংঘৰত উঠি
দূৰৰ সৌন্দৰ্য্যও
উপভোগ কৰিব পাৰিবা তুমি,
তাৰ লগতে জানিব লাগিব
তুমি সেই বিষাদভৰা কাহিনী,
দুখ আৰু বেদনাৰে ভৰা
প্ৰেমৰ কাহিনী, শিলবোৰৰ মাজে মাজে
গছবোৰৰ আঁৰে আঁৰে
বিচৰণ কৰি ফুৰা
দুটি আত্মা, জংকী আৰু পানৈৰ কাহিনী-
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩
No comments:
Post a Comment