ধুমুহা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

ধুমুহা



 ধুমুহা

               হিতেন দাস


হঠাৎ এজাক ধুমুহা আহিছিল 

যোৱা পৰহি মাজনিশা  

গুৰূম গুৰূম শব্দৰে লগত লৈ আহিছিল শিলাবৃষ্টি।

মাজনিশা আঘোণা কাইৰ ল'ৰাটোৱে

ধুমুহাৰ শব্দত সাৰ পাই চিঞৰি কান্দিছিল । 

ভাবিছিল আমাৰ উৰখী যোৱা খেৰ ছালৰ

পজাটি ভাঙি পৰিব নেকি ? 

আনপিনে সিহঁতৰ কাষতে থকা  

মদন ইজ্ঞিনিয়াৰে ধুনীয়াকৈ কৈছিল 

গাড়ীখন আজি গেৰেজত লৈ যোৱা নহ'ল

গ্লাছবোৰ শিল পৰি ভাঙিব নেকি ? 

মুঠতে সকলোৰে মনত এটাই ভয়

এাস সৃষ্টি কৰি যোৱা পৰহি মাজনিশাৰ ধুমুহা 

এজাক বৰষুণৰ ধুমুহা


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages