কেনেকৈ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 30, 2023

কেনেকৈ

 


কেনেকৈ 

ধন দাস 


এক ভ্ৰম বিলাস

জীয়াই থকাৰ যি হেঁপাহ


সকলো অৰ্থ নস্যাত কৰাৰ পিছতো

জীৱনৰ ললিপপ্‌ চুপি চুপি

আখৰাত ব্যস্ত পৃথিৱী


মিছা কথা

মিছা ছবি

মিথ্যাচাৰত বন্দী পৃথিৱী


মানুহ হোৱাৰ ৰিহাৰ্চেল


ধৰ্মৰ বৰশীত ওঁঠ চিলাই 

মনে মনে আছে সকলো


ৰজাৰ বিৰুদ্ধে 

নিজৰ বিৰুদ্ধে

ক'লা পলিথিনত মেৰিয়াই থোৱা 

কথাবোৰ ফাদিল কৰিব পৰা নাই 


ধৃতৰাষ্ট্ৰৰ দৰে 

এশ পুত্ৰৰ অনৰ্থক জলাঞ্জলী


ৰসায়নিক দিনপঞ্জী


জীৱন এক বেপাৰ

নাটক-সংলাপ-বেকগ্ৰাউণ্ড মিউজিক


ফ্ৰী চাউলৰ ভাত 

ৰাজনীতিত বৰ বৰ মাত 

শ্ৰমৰ আঙুলি কাট 

এতিয়া মেল-মিটিঙটো গান্ধীৰ হাত


কি ক'ব

একো নোকোৱাটোও এক জেহাদ


জীৱন এখন আইনা


ডিঙিত ফুলাম গামোছা

কথাবোৰ নীলা 


প্ৰতিবাদ কৰ সকলো পাবি 

শ্ল'গান নিদিলে আঁজুৰি আনিবি


এনেকৈয়ো জানো পাৰি


জীৱনৰ মৃত্যু ভয়


অসুখৰ প্ৰতিষেধক 

মেডিটেশ্যণ 

প্ৰাত: ভ্ৰমণ 

হাতত তেজৰ নমুনা

পৰীক্ষাগাৰৰ সন্মুখত অপেক্ষা


জীয়াই থকাটোৱে আটাইতকৈ দৰকাৰী কাম 

শ্মশানত কেনেকৈ সম্ভব শিল্প

 

নাটকীয় বাস্তৱ 

নকঁও আৰু…..


ফোনঃ ৯৬৭৮০৯০০৩৩


Doksiri দকচিৰি, মে, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages