মাথোঁ অপেক্ষা জানা !!
ৰাজীৱ বৰুৱা
তুমি আৰু মই দুয়ো অপেক্ষাৰত.…
আমি দুয়ো ভাবি থকা
সেই বিশেষ দিনটোলৈ ।
দুয়োৰে যে পৰিকল্পনা.. বিশেষৰ পৰা বিশেষ কৰি তোলা।
তুমি আগুৱাই আহিবা আৰু
মইও আগুৱাই যাম,লগ হ'ম জীৱনৰ বিশেষ ক্ষণত...
আবেগত ভৰিব মন
দুয়ো দুয়োৰে দুচকুলৈ চাম।
সেই...যে আমি ভাবি থকা দিনবোৰৰ সাঁচি ৰখা স্মৃতিবোৰে,মৰমবোৰে কিমানযে উমলিব ;
দুচকুত ব'ব আনন্দৰ বন্যা।
মোৰ চকুলৈ চোৱা মই কম...
তুমিও ক'বা...চোৱানা মোৰ দুচকুলৈ।দুটি দিশৰ পৰা ধাৱিত দুখন নদী এঠাইত লগ হ'ব,জুৰাব একেলগে,সলাই পেলাব জীৱনৰ গতিপথ।
কুলু কুলু,কুলু কুলু কৈ বৈ
ৰ'ব মৰম আৰু অভিমানত,
সপোনে মেলিব কুঁহিপাত,
দুটি মন এটি হ'ব।
অমানিশা আতৰি হ'ব নৱপ্ৰভাত।
এতিয়া মাথোঁ তাৰেই অপেক্ষাত...।
দূৰভাষঃ ৬০০২৪১৮০৫৪
Doksiri দকচিৰি, মে, ২০২৩
No comments:
Post a Comment