সপোন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

সপোন

 


সপোন

               আশা বৰা মন

                   ৰহা, নগাঁও


জুই সৰা চকুলোত আশা আছে,

সজীৱতা আছে

আন্ধাৰক নেওচিব পৰাকৈ তিৰ্‌বিৰণি

বেয়াক দমন কৰিব পৰাকৈ সততা

আৰু নিজক লুকুৱাই থ'ব পৰাকৈ এমুঠি হাঁহি


ভালপোৱা বিশ্বাসৰ বাগিচাখনত

শেষ নোহোৱা শেষ হোৱা

কিছু কথকতা আছে

মৌনতা আছে

আৰু বহুতো সাধুকথাৰ আওতা


সপোনটো বাখৰুৱা নহয়

সপোনটো নিচলা নহয়

সপোনটো খামি-ডাঠ্‌

সপোনটো শিল-বৰষুণৰ কেনভাচ্‌।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages