ব'হাগ
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ, শোণিতপুৰ
লঠঙা গছবোৰে
কুঁহিপাতৰ মেলা পতাৰ সময়ত
মোৰ ধমনীত উজাইছিল
এটি উছাহ তোমালৈ বুলি
গজালি মেলিছিল বুকুত বসন্তই
বিহুৱান খন তুমি ...
পথাৰখন যেতিয়া ব্যস্ত আছিল
শাওণৰ নামত
মোৰো মন আছিল
কঠিয়া সিচাঁৰ
পীৰিতিৰ ধল ঢালি
ভূঁই ৰোৱা বতৰত
তুমি সৰুদৈয়া জাপি
সপোনবোৰ যেতিয়া লহপহকৈ বাঢ়িছিল
আহিন আহিল বুলি
সেউজীয়া দলিচাত খোজ থৈ
বতাহেও নাচিছিল
বুকুত বজা
নুপূৰৰ শব্দ তুমি ...
ৰ'দৰ হালধীয়া ছবিত বালীমাহীজাকে যেতিয়া
কথাৰ ৰহন সানিছিল
ৰৱাবটেঙাৰ জুতি টানি
মোৰ মনো ৰিব্ ৰিব্
মোৰ যে অকালৰ ভঁৰাল
তুমি লখিমী ....
তোমাৰ ভাৱনাতেই যেতিয়া
মাঘ বান্ধিছিলোঁ
শীতৰ পুঁৱতি নিশা
চৰাইজাকে সুধিছিলে
আকাশলঙ্ঘী কোন তুমি?
মোৰ যে ভোগৰ আকাশ
সূৰ্য তুমি ...
ফাগুন আহিছে
শিমলুৰ ৰঙ দেখিহে
তুমি সুধিছা
ইমান ভালপোৱা
কাৰ বাবে ফুলিছে অ' দেহি
মাম্ এৱ দেহী
দেহি দেহি......
মাম্ এৱ =মোকেই ।
দেহী=অন্তৰমন বা প্ৰাণময় সত্বা।
দেহি=দিয়া।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩
No comments:
Post a Comment