অসমাজিক
পৱন বৰ্মন
সপোনত দেখিছিলোঁ
নাৱত উঠি সচিবালয়টো ঘূৰি ফুৰা
আৰু
মৰা মানুহবোৰে মৃতদেহ লৈ ৰৈ থকা
এটা ৰসায়নিক বিষক্ৰিয়াত
বন্ধ হৈ গৈছিল মানুহ জনীৰ সিৰা-উপসিৰা
আৰু দেখিছিলোঁ,
হাস্পতালত শিয়ালে হুৱা দিয়া
ভেঁটিটো খহি থকা
দেৱতা সকলক শিয়ালবোৰে বেৰিধৰা !
এমুঠিমান শিশুৱে চিঞৰি উঠিছিল
আচৰিত! নাও খনতো এজাক শিয়াল
দীঘল দীঘল নখেৰে হুৰাওৰাৱে
সিহঁতৰ গলধনত খামুচি ধৰা দেখিছিলোঁ
চিঞৰটো চুটি হৈ আহিছিল
অভিযন্তাবোৰে শুই আছিল ; নৈ খনৰ ওপৰত
নৈ খনে অহৰহ যুঁজি আছিল
মই তেতিয়াও টোপনিয়াই আছিলোঁ এতিয়াও!
Doksiri দকচিৰি, মে, ২০২৩
No comments:
Post a Comment