নীৰৱ মিছিল
চন্দ্ৰপ্ৰভা বৰ্মন
গুৱাহাটী
আজি ৰাতিপুৱাৰে পৰা সূৰ্য্য নিখোঁজ
অহোৰাত্ৰি বৰষুণ, আকাশ মেঘাচ্ছন্ন
মই শব্দবোৰৰ স'তে প্ৰেমত মগ্ন
দশোদিশে মেঘমল্লাৰৰ গৰ্জন
বুকুৰ মাজত অনুৰণনৰ চিৎকাৰ
এটা কেহৰাজী সপোনৰ অপমৃত্যুত
দাপোনৰ দুয়োপাৰে বৰষুণৰ শব্দ
নীৰৱে দিছো বিদায় সন্ধিয়াৰ
ৰূপালী আকাশৰ নীল ধ্ৰুৱতৰা
সূৰ্য্য ডুব যোৱা বিয়লি বেলা
আন্ধাৰে বিচাৰে প্ৰতিদিন দিশহাৰা
মেঘালী আকাশ মেঘালী মন
আন্ধাৰতে ডুবি আছে প্ৰতিক্ষণ
আকাশ যেন জীৱন বীক্ষা পৰ্য্যবেশিত
এখন খালী নিখুত উকা কেনভাছ
য'ত মেঘকুৱৰীয়ে প্ৰেমৰ সাজ পিন্ধি
নাছে নিতৌ অভিলাষৰ নাচ
মেঘ তুমি আহা তমসা ৰাতিৰ বৰষা হৈ
সৰাপাতত প্ৰস্ফুতিত নসৰা সপোন হৈ
হওঁক এই জীৱন ৰূপকথাৰ দৰে
ৰং তুলিকাৰে সঞ্চাৰিত বৰ্ণময়
নিৰ্মম বাস্তৱ যিমানেই নহওক যন্ত্ৰণাময়
ভালপোৱাৰে স্নাত চকুজুৰি নীলপদ্ম হওঁক
অথবা অশ্ৰুৰ মুকুতাৰে কোনো নীলাশ্ম
প্ৰতিটো নিশাৰ তন্দ্ৰাবিহীন সপোন হৰণ
নাইবা মৃত প্ৰেম বান্ধি ৰখা জীৱন্ত জীৱাস্ম !
Doksiri দকচিৰি, মে, ২০২৩
No comments:
Post a Comment