উদং বুকুত উন্মুক্ত হাত
দীনেশ দাস
গুৱাহাটী
এখন সৰু নদীৰ সিপাৰে,
মোৰ আলাসৰ আপোন স্থলী।
অহা-যোৱা পথত
আছে এটা কেঁকুৰি,
কেঁকুৰিৰ ওচৰতে
মোৰ সৰু জুপুৰি।
প্ৰায়ে হয় অহা-যোৱা
সিপাৰলৈ বুলি,
নৈ'ৰ পাৰতে ঘাটোৱাল ককাই,
ৰৈ থাকে সদায় মূৰ তুলি।
জীৱন নৈ'ৰ পানী তৰল,
মন সোঁতৰ গতি অতি তীক্ষ্ণতৰ,
হৃদয় ভেদী যোৱা গড়ল।
অপ্ৰমিত আশালৈ
মনৰ জোখাৰে সুখী হোৱাকৈ
যাত্ৰা মোৰ সচল।
বেদনাৰে ভৰা অন্তৰত,
চকুলোৰ ঢল বৈ যায় নিজানত,
বহি বহি ভাবো মাথো
জীৱনৰ উৰুখা ডিঙাখনত তলমুৰকৈ।
হৃদয় ভাঙিছে,
বিৰহ বেদনাত দগ্ধহৈ, ৰিক্ত হৃদয় মোৰ আবেগত,
মনৰ জোখাৰে ভাৱৰ
আলাপ কৰিছিলো,
তোমাৰ সতে যথা সময়ত।
দুখ লগা নাই,
শোক কৰা নাই
হাঁহিছো মাথো বিষাই থকা,
উদং বুকুত উন্মুক্ত হাত খন বুলাই।
উশাহ চুটি হোৱা নাই,
বিষাদৰ যন্ত্ৰণাবোৰ মাথো
উশাহত হুমুনিয়াহ হৈ ওলাই।
Doksiri দকচিৰি, মে, ২০২৩
No comments:
Post a Comment