কবি
ববী দত্ত
টীয়ক
(কবিতা লিখি আৰু কবিতা পঢ়ি ভালপোৱা প্ৰতিজন সেউজ ব্যক্তিৰ হাতত সসন্মানেৰে)
সুদূৰ ছাঁ পোহৰৰ দেশত ধ্যানমগ্ন
মন্ত্ৰদ্ৰষ্টা কবি
তত্ত্বদৰ্শী হৃদয় দাপোনত শব্দৰ সেউজ প্ৰতিবিম্ব
কল্পনাৰ স্বৰ্নিল ডেউকা কোবাই
আকাশৰ শেষ সীমনালৈ অভ্ৰভেদি যাত্ৰা তেওঁলোকৰ
কল্যানকৰ পথৰ বাবে শুভঙ্কৰ হৃদয়ৰ প্ৰোজ্জ্বল প্ৰাৰ্থনা ।
তেওঁলোক কবি
জীৱনৰ অনুভৱী ব্যঞ্জনাৰ ইতিকথাৰ বিচৰণ
সেউজ শব্দৰ মধুকুঞ্জত কল্পপ্রণয়ীৰ ছবি আঁকি ভাল পোৱা তেওঁলোক অনুভৱৰ চিত্ৰশিল্পী
কল্পনাত ছবি আৰু গানৰ ৰামধেনু খহে
আবেগৰ মখমলী দলিচাত
প্ৰতীকে ৰং সলায়
প্ৰেৰনাৰ দিপ্তীৰে
দিপ্তীমান হৈ পৰে কবিৰ নিৰলাত বাগৰ হিয়াৰ আবেগ
আবেগৰ পাৰ ভাঁহি ইছাত বিচাত।
কবি তেওঁলোক !
কবিতা ঐশী প্ৰেৰণাৰ সাৰ্বজনীন মধুফলশ্ৰুতি
সাজিকাচি আহে কাজল বতাহ
বৈ যায় নদীৰ দৰে নিৰবিছিন্ন অনুভৱৰ সুঁতি
ক্লিষ্টাবেলৰ ওপৰত জিৰেলডাইনৰ যাদুকৰী প্ৰভাৱ
অনুভৱৰ সূক্ষ্ম মায়াজাল
আঘোনী আকাশ
ফাগুনী বতাহ
জিঞা পাখি যেন কোমল সপোন আৰু উশাহৰ দৰেই কোমল উশাহ
কবিৰ হৃদয়ৰ সৌন্দৰ্য প্ৰবাহ
যুগৰ পৰা যুগান্তৰলৈ প্ৰবাহিত
চিন্তাৰ গতি আন্ধাৰৰ পৰা আলোকলৈ বিকিৰিত
শব্দই শব্দৰ কাৰেং সাজে
কল্পচেতনাৰ সাৰ্বভৌম অভিব্যক্তিয়ে
অকীৰ্ণ মানুহৰ জীৱনত ৰং সানে
ৰঙীন তুলিকাৰে স্নানাসিক্ত উক্তিবোৰ খিলখিলাই হাঁহে
বিধ্বংসনা প্ৰণয়ৰ পৰিবৰ্তে
জ্ঞানৰ বুকুত শব্দৰ সেতুবন্ধনত সুখ পাই কবিয়ে
ৰমনীয়তাৰে,বিচিত্ৰতাৰে,অমোঘ মন্ত্ৰৰে কবিবৃন্দৰ প্ৰত্যাগমন
প্ৰেৰণাৰ পৰিশোধিত সেউজীয়া মনেৰে নিজস্ব এষণাৰ প্ৰত্যাৱৰ্তন।
বুকুত সহস্ৰ কবিতাৰে সেউজ কবিবৃন্দৰ আগমন।
Doksiri দকচিৰি, মে, ২০২৩


No comments:
Post a Comment