অহৈতুকী প্ৰীতি
জুনু বুঢ়াগোহাঞি
গুৱাহাটী
ৰ'দৰ জলঙাইদি জুপি চাই দেখিলোঁ
শীতৰ সেমেকা বিষাদ সামৰি
কপৌ-কুঁৱৰী এজনী
বতাহৰ হাতত ধৰি
জেতুকাপাতৰ পাখি পিন্ধি
এইফালে আহি আছে
উৰি উৰি
উৰি উৰি ৷
মুখত কেতেকী-হাঁহি এটা ৷
কুঁহিপাতৰ কোমল ওঁঠত
বতাহে লিখি দিলে
জলফাইবুলীয়া কবিতা এটা
সেয়াই বোলে বসন্তৰ আচল বৰণ ৷
তাহানি আইতাই কোৱা কথা
কুলিৰ কুউ কুউত
প্ৰকৃতিৰ কৰুণ সুৰ
মাকক বিচাৰি গোটেইখন চলাথ কৰি
দিনৰাতি একাকাৰ কৰা উচুপনিটো
ব'হাগৰ প্ৰাচীন মাত ৷
এতিয়া তুমি বুজিলানে
দুখৰ পাচতে অহা সুখকণলৈ
আমি কিয় বাট চাই থাকোঁ
আৰু কিয় খুলি দিওঁ
সমিলমিলৰ সকলো দুৱাৰ ?
তাতে
বৰদৈচিলাৰ ফুচফুচনিত
ভিতৰে বাহিৰে
আকাশে বতাহে
অহৈতুকী প্ৰীতি ৷
এয়াও চাগে' ব'হাগৰে সুখ ৷
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩
No comments:
Post a Comment