শৈশৱ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 30, 2023

শৈশৱ

 


শৈশৱ

হিতেন দাস

ভৱানীপুৰ,বৰপেটা


সপোন সপোন যেন লগা

বহু মিঠা স্মৃতিভৰা শৈশৱ মোৰ !

আজিওঁ কিবা এক,

অনুভৱৰ ডাঁৱৰত

জীয়াই থাকো মই ......

পুনৰ শৈশৱলৈ উভতি যাব বিচৰা

অনাৱিল উদভ্ৰান্ত ভাৱনাত,

উন্মনা মন মোৰ !

আকাশৰ নীলা ৰং , নীল সাগৰ , পাহাৰৰ সেউজীয়া চাব বিচৰা 

মই যেন এজন উন্মাদ পথিক ......

আকৌ যেন আজি মই উভতি যাম !

মোৰ সেই আশৈশৱ অতীতলৈ ,

মোৰ আপোন গাওঁ ভৱানীপুৰলৈ,

পহুমাৰা নৈৰ পাৰলৈ,

মোৰ সেই মিঠা 

অতীতৰ স্মৃতিৰ সৈতে ......


Doksiri দকচিৰি, মে, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages