বিহুৰ বতৰা
লহৰজ্যোতি মৰাণ
আনিছে ব'হাগে
বিহুৰে বতৰা,
প্ৰেমৰ সুৰৰ
ৰাগিণী মাতত!
তুমি নাচনী সাজো
হৈয়ে থাকিবা,
যাম এইবাৰ
বিহুৰ বতৰত!
দিবাহি নাচনী
পিঠা পনাৰে ,
খাম মই নাচনী
অতি হেঁপাহৰে!
ঢোলটি কান্ধত আঁৰি
গীত জোৰিম নাচনী,
আহিবা হাতে মেলি মেলি
নাচিবা ককাল ভাঙি ভাঙি!
খোপাত গুজি দিম
কপৌ লাহি-পাহী,
দূগুনে বাঢ়িব
আমাৰ প্ৰেম প্ৰীতি।
Doksiri দকচিৰি, মে, ২০২৩
No comments:
Post a Comment