অসমৰ লোক সংস্কৃতি আৰু পৰম্পৰা
প্ৰগতি মেধি
এখন ঠাইৰ প্ৰাকৃতিক পৰিৱেশ, লোক সকলৰ জীৱন ধাৰণৰ প্ৰণালীৰ ওপৰত ভিত্তি কৰি কিছুমান লোকসংস্কৃতি, পৰম্পৰা গঢ় লৈ উঠে। এই লোকসংস্কৃতি ,পৰম্পৰাসমূহ প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলি গৈ থাকে।প্ৰকৃততে এইবোৰ কোনে সৃষ্টি কৰিছিল কোনেও নাজানে। এই লোকসংস্কৃতি, আচাৰ, পৰম্পৰাসমূহৰ কোনো লিখিত বিধি নাথাকে। মাথো চলি গৈ থাকে। ইয়াৰ অন্তৰ্গত কথিত বিধি সমূহক নিয়ম বুলি কোৱা হয়। প্ৰকৃততে এই নীতি-নিয়ম সমূহৰ বেছিভাগেই কিছুমান ব্যৱহাৰিক যুক্তিৰ ওপৰত আধাৰিত হয়। পুৰণি কালত শিক্ষাৰ পোহৰ নোপোৱা লোক সকলক বুজোৱাত অসুবিধা হোৱাৰ কাৰণে এইবোৰক নিয়ম বুলি কোৱা হৈছিল।
অসম এখন কৃষিভিত্তিক ৰাজ্য হোৱা বাবে ইয়াত কৃষিৰ লগত সম্বন্ধিত লোকাচাৰ বা লোকসংস্কৃতি বেছি। আঘোণ মাহত পথাৰত চাকি বন্তি জ্বলাই 'ধানৰ আগ অনা', লখিমী আদৰাৰ পৰম্পৰাই এইটোৱেই বুজায়, এখন কৃষি প্ৰধান ৰাজ্যত ধান ( চাউল) আমাৰ বাবে কিমান প্ৰয়োজন। কাতি বিহুত আকাশ বন্তি জ্বলোৱাৰ কাৰনো, থোক ধৰা ধানবোৰ খাবলৈ অহা পোক-পতংগবোৰ যাতে চাকিৰ পোহৰত আকৃষ্ট হৈ আকাশলৈ উৰি যায়। এক বহাগৰ দিনা ৰাতিপুৱা তিতা জিকোৱা পানী ল'ৰা-ছোৱালীক খুওৱা হয় কাৰণ ফাগুন -চ'ত মাহত পেলুৰ বৃদ্ধি হয় ।
ঠাইভেদে লোকাচাৰ সমূহ অলপ বেলেগ বেলেগ ধৰণে পালন কৰা হয়। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ একেই লোকাচাৰ সমূহ পালনৰ পদ্ধতিও ভিন্ন হয়। লোক সংস্কৃতিৰ ক্ষেত্ৰতো আমাৰ ওচৰৰ গাঁও খনতে আমি নজনাকৈ কিবা লোকসংস্কৃতি লুকাই থাকিব পাৰে। লোকসংস্কৃতিৰ ক্ষেত্ৰত অসমখন এখন অতি সমৃদ্ধিশালী ৰাজ্য।
সময়ৰ লগে লগে পৰিৱেশ আৰু পৰিস্থিতি অনুযায়ী এই লোকসংস্কৃতি আৰু লোকাচাৰ সমূহ পালনৰ ক্ষেত্ৰত কিছু পৰিবৰ্তন দেখা যায় । নৱ প্ৰজন্মই এই লোকসংস্কৃতিসমূহ কঢ়িয়াই আগুৱাই নিবলৈ তেওঁলোকৰ ৰুচিবোধৰ লগত কিছুখিনি খাপ খুৱাই পৰিৱেশৰ লগত সামঞ্জস্য ৰাখি আগবঢ়াটো বাঞ্চনীয় । লগতে পুৰণিখিনিয়েও আমাৰ আপুৰুগীয়া লোকসংস্কৃতি আৰু পৰম্পৰাসমূহ যথাযোগ্য আৰু যুক্তিসন্মত ভাৱে, সযতনে তেওঁলোকৰ হাতত তুলি দিয়াটো তেওঁলোকৰ দায়িত্ব।
মোবাইল: 9101743463
Doksiri দকচিৰি, মে, ২০২৩
No comments:
Post a Comment