জোনক জানো লগ লাগে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, May 1, 2023

জোনক জানো লগ লাগে

 


জোনক জানো লগ লাগে

জুনু বুঢ়াগোহাঞি নাথ

গুৱাহাটী


তৰা-ফুলৰ আকাশখনত

ফুল হৈ অকলে ফুলে

জ্বলিবলৈ যাক লগ নালাগে

তাক বিলাবলৈও নালাগে বাছনি ৷


ভাবনাই সুহুৰি টনা ৰাতিবোৰত

আকাশ এৰি গুচি যোৱা তৰাৰ

পৌৰাণিক আখ্যানৰ

নীৰৱ সাক্ষী হৈ  

জড়তা ভাঙি শূন্যকে সজোৰে সাৱটি ধৰে

সৰল গান এটাৰ নিজান সুৰ হৈ ৷


এতিয়া জাৰ নামিছে 

মোৰ হাত দুখন কঁপিছে

কঁপিছে  ঘৰটো

ঠৰঙা লগা দহোটা আঙুলিয়ে 

কিবা ক'ব খোজে

ভাগে ভাগে

নিচুকাই থকা ৰাতিটোৱে

কথা ক'ব নোৱাৰি

জোনটোৰ মুখলৈ চালে

হতাশাত ডুব গৈ

মুক ওঁঠ দুটিয়ে

ক'ব পৰা নাই একোকে ৷


বৰ জোৰেৰে কোবাইছে অ' জাৰটোৱে

বুকুখন সেকিবলৈ জুই একুৰা হোৱা হ'লে ৷


এতিয়া মোক নুসুধিবা

মনেসজা নিঃকিন মনিচক

কথাই কথাই নালাগে কি

সিহঁতক নোজোৰে কিয় ?


লগাক সকলো লাগিলেও

নুফুৰে মাগি

নলয় একোকে

আত্মাভিমানে ৷


নিজে পোহৰহৈ

জোনাক বিলাবলৈ

জোনক জানো লগ লাগে ?


Doksiri দকচিৰি, মে, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages