গৰ্ভৱতা
পিংকুজিৎ
গৰ্ভাৱস্থাৰ
অপেক্ষাৰ সময়খিনি
গৰ্ভৱতীয়ে
ভালকৈ জানে
ন-মাহৰ এই সময়খিনিত
তেওঁৰ কোনো সমস্যা নাহক
আমাৰ সাহিত্যই গৰ্ভত ধাৰণ কৰা ভ্ৰুণটোক
গৰ্ভতে চাবলৈ
ইমান হেতা-ওপৰা লগোৱাসকল কোন---
চৰ্চাকাৰীসকল
নহয় নে?
ঘৰৰ মানুহ বুলি
চিনাকি চৌহদ এটাৰে
গঢ় দিছোঁ মই
মোৰ সাহিত্য গৰ্ভ
মই পুংলিঙ্গই
তেওঁলোকৰ বিষয়-বীৰ্য-বৈভৱেৰে
ধাৰণ কৰা মোৰ বোধৰ গৰ্ভৰ মৰ্ম বুজি
মই মোক
সন্তান সম্ভৱা বুলিব পাৰোঁ
চৰ্চাকাৰীসকলে কেৱল নিজ নিজ সন্তানৰ
মুখ চাব বিচাৰে
পুৱাৰ পোহৰে চকু নেমেলোঁতে
হেঁপাহৰ আপাহতে
সময়লৈ ৰ'ব নোৱাৰি
মোক বুজি
তেওঁলোকে লৈ যায় মোক আঙুলি পিছলোৱা যন্ত্ৰটোৰে
বাৰ্তা-প্ৰচাৰ কক্ষলৈ
মইতো এক মক্কেল
তেওঁলোকে জানে
মই যে নহওঁ নৰ্মেল
সেয়ে
তেওঁলোকক আগতীয়া বাৰ্তা দিবলৈ
গৰ্ভৱতী এগৰাকীৰ নাভিৰ তলৰ কটা যোৱা পেটটোৰ দৰে মই
প্ৰতিদিনে
প্ৰতি পষেকে
আৰু
প্ৰতিমাহে হওঁ
নাক কটা যোৱা
এটা গৰ্ভৱতা
বিঃদ্ৰঃ
বৰলাই বিয়াকৰণ নামানে।


No comments:
Post a Comment