ব’হাগ আৰু আমাৰ প্ৰকৃতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, May 1, 2023

ব’হাগ আৰু আমাৰ প্ৰকৃতি

 


ব’হাগ আৰু আমাৰ প্ৰকৃতি


বিজয় বৰি 


     গতিশীল সময় অনুসৰি চ’তৰ শেষত ব’হাগ মাহত ভৰি দিয়াৰ লগে লগে প্ৰকৃতিয়ে ন ৰূপত নিজকে সজাই-পৰাই তোলে৷ প্ৰকৃতিৰ এই বিনন্দিয়া পৰিৱেশত ফাগুনত লঠঙা হৈ পৰা গছজোপা ব’হাগত নতুনকৈ কুঁহিপাত মেলিবলৈ ধৰে আৰু গছত নানান তৰহৰ ফুল-ফল লাগিবলৈ ধৰে৷ চ’তৰ শেষত ক্ৰমান্বয়ে বৰষুণ দিবলৈ আৰম্ভ কৰাৰ ফলস্বৰূপে মাটি কোমল হয়, আমে মলিয়াই, কঠালে মুচি পেলায়, নৈ-নিজৰা, কাল-ডোংসমূহত লাহে লাহে পানীৰে উপচি পৰে৷ পৃথিৱীৰ এনে অনন্য শোভাত প্ৰকৃতিৰ সন্তান মানৱ জাতিৰ মনত আনন্দ, উন্মাদনাৰ সৃষ্টি হয়৷ সেউজ ধৰণীৰ বুকুত বিবিধ ধুনীয়া ফুল ফুলি ন ৰূপত অপূৰ্ব পৰিৱেশৰ মাজতেই পৃথিৱীলৈ অন্তৰ্পনে ব’হাগ বিহু আগমন হয়৷ বিশেষকৈ এই অসম মুলুকৰ অসমবাসী ৰাইজে ব’হাগৰ বতৰা পাই দেহা-মন ৰাই-জাই কৰে৷ বসন্ত ঋতুৰ মনোমোহা পৰিৱেশত ৰঙীন সুগন্ধি ফুলবিলাক ফুলি ডেকা-গাভৰুৰ হৃদয়ত প্ৰেম ভাল পোৱাৰ অনুভূতি সঞ্চাৰিত কৰে৷ ব’হাগ মাহত প্ৰকৃতিৰ বুকুত ফুলিবলৈ আৰম্ভ কৰা ফুলসমূহৰ ভিতৰত— কপৌফুল, নাহৰ, তগৰ, খৰিকাজাঁই, গুটিমালি, পলাশ, মদাৰ, সোণাৰু, ভাটৌফুল, পদুম, কৃষ্ণচূড়া, আজাৰ, সেউতী, মালতী, মাধৈমালতী, হাচনাহানা, বৰ্হমথুৰি, টেঙাফুল, ভেবেলি লতাৰ ফুল, কেতেকী ফুল, বননহৰু ফুল, গোলাপ ফুল ইত্যাদি৷ ইয়াৰে কপৌফুল আৰু নাহৰ ফুলক ব’হাগ বিহুত বিহুৱতীয়ে বা নাচনিয়ে নিজৰ নেঘেৰী খোপা বা কলডিলীয়া খোপাত সুন্দৰকৈ সজাই পৰাই লয়৷ সঁচাকৈ নাচনিৰ মুগাৰ সাজযোৰৰ স’তে খোপাত কপৌফুল পাহী দেখিবলৈ অপৰূপা হয়৷ সেইবাবে ব’হাগ বিহুত কপৌফুলক লৈ অনেক গীত পোৱা যায়৷ যেনে-

    (১) পাহাৰ বগাই বগাই কপৌফুল আনিছোঁ 

    খোপাতে গুজি দিম বুলি; 

    মাৰাক ফাঁকি দি বিহুলৈ আহিলি 

    চেৰেকী আনোগৈ বুলি৷ 

     (২) কপৌ ফুলে নুশুৱায় তোকে ঐ মইনা 

    তগৰ ফুলে নুশুৱায় তোক; 

    কিনো দায় জগৰ লগালো মইনা

    ভাল মুখে নেমাত মোক৷ 

    এইদৰে -- কপৌ পাহি তোৰে খোপাত

         ইমান ধুনীয়া দেখি 

        জেতুকাৰ বোল তোৰে হাতত 

        ইমান ধুনীয়া দেখি 

        অ‘ মইহে বুজি পাওঁ চেনাই 

        তোলৈ বাৰে বাৰে চাওঁ৷ 

    বছৰৰ অন্যান্য মাহসমূহৰ তুলনাত ব’হাগ মাহ প্ৰাকৃতিকভাৱে আটাইতকৈ বেছি মনোৰম৷ সেই সময়ত প্ৰকৃতিৰ বুকুত নতুনকৈ ঘাঁহ, বন গজিবলৈ আৰম্ভ হোৱাত আৰু গছ-গছনি ফুলে-ফলে জাতিষ্কাৰ হৈ পৰে৷ প্ৰকৃতিৰ এনে অপৰূপ সৌন্দৰ্য্য আৰু নাৰীৰ মোহনীয় ৰূপ দেখি তপস্যাত নিমগ্ন ঋষিমুনি সকলেও ধ্যান ভংগ হৈ কামোক হৈ পৰে বুলি শাস্ত্ৰই কয়৷ আনহাতে ব’হাগ মাহতে আমাৰ চৌপাশৰ হাবি-বননিত কুলি চৰাই, কেতেকী চৰাই আদিয়ে বিনাবলৈ আৰম্ভ কৰে৷ বিহু গীততো সেইবাবে গাইছে -- 

    চ’ততে কান্দিলে চতুৱা চৰায়ে 

    ব’হাগত কান্দিলে কুলি

    দহিকতৰা চৰায়ে পীৰিতি কৰিলে 

    তৰাৰে গছতে পৰি৷ 

    ইফালে বিহুৰ হুঁচৰিনামত এইদৰে পোৱা যায়–

     (১) কৃষ্ণাইৰ মূৰতে বকুল ফুল এপাহি 

    নিয়ৰ পাই মুকলি হ’ল ঐ 

    গোবিন্দাই ৰাম৷ 

     (২) দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী 

    কেতেকী মলে মলায় 

    গোবিন্দাই ৰাম৷ 

     চ’তৰ শেষ দিনাখনৰ পৰাই ব’হাগ বিহু [প্ৰথম দিনাক গৰু বিহু বুলি কোৱা হয়] আৰম্ভ হৈ এই বিহু সাত দিনলৈ চলে৷ গৰুবিহুৰ দিনা গৰুক নদী বা পুখুৰীত গা ধোৱা হয়৷ গৰুক গা ধোৱাই দিয়াৰ সময়ত গৰুৰ গালৈ লাও, বেঙেনা, তেকেৰা, হালধি আদি ঢলিয়াই দিয়া হয়৷ তেতিয়া কোৱা হয়– 

    লাও খা, বেঙেনা খা 

    মাক সৰু বাপেৰ সৰু 

    তই হ’বি বৰগৰু....... আদি৷ 

    ব’হাগ বিহুত প্ৰকৃতিৰ বুকুৰ পৰা আহৰণ কৰি এশ এবিধ বা এশ সাতবিধ শাক ৰান্ধি আঞ্জা খালে স্বাস্থ্য ভাল বা নিৰোগী হৈ থাকে বুলি আমাৰ সমাজত লোক বিশ্বাস আছে৷ সেইবাবে ব’হাগ বিহুত আমাৰ চৌপাশৰ হাবি-বননিৰ পৰা আমি এইবোৰ সংগ্ৰহ কৰি শাক হিচাপে ৰান্ধি খাঁও৷ বিহুৰ বতৰত আমাৰ চাৰিও ফালে পোৱা বনৰীয়া শাকৰ তালিকা এখন দিলোঁ৷ লাই, লফা, ঢেঁকীয়া, বাবৰি, পালেং, খুতৰা, মৰিছা, কলমৌ, বঙালী পালেং, ধনীয়া, মানধনীয়া, কচুথোৰী, জিলমিল, মিথি, টেঙেচি, মানিমুনি, দোৰোণ, মাটিকান্দুৰী, পচতীয়া, ভেদাইলতা, সৰিয়হ, বনজালুক, মৰলিয়া, কেহেৰাজ, মানভোগ শাক, শুকলতি, পাতিসোণদা বাবৰি, লাটকচু, ভৃংৰাজ, বৃন্দাবন, বৰ তুলসী, নিলাজী, থেৰেজু, গৰীয়ালতা, বিয়নিসাপতা, ভৰালী ভকুৱা, চিৰতা, বিশল্যকৰণী, কেঞাবন, তিকনী বৰুৱা, চেংমৰা,  লাইজাবৰি, গাখীৰতি, জুটুলীটেঙা, বৰবৰিয়াল, জ্যেষ্ঠমধু ইত্যাদি আৰু শাকৰ লগত গছৰ কুমলীয়া আগ কিছুমান শাক হিচাপে খায়৷ যেনে -- মধুৰিআমৰ আগ, বিলাহীৰ আগ, কুজিথেকেৰাৰ আগ, ৰূপহী থেকেৰাৰ আগ, তগৰফুলৰ আগ, গোলাপ ফুলৰ আগ, মৰাপাটৰ আগ, বেতগছৰ আগ, মৰাণআধাৰ আগ, বনআধাৰ আগ, আলুশাকৰ আগ, তিয়ঁহৰ আগ, অমৰাৰ কুঁহিপাত, ডালিমৰ কোমল আগ, শতমূল, মদাৰ, ডিমৰু, মেছাকীৰ আগ, গমাৰী পাতৰ আগ, বেল অশোক, জলকীয়াৰ আগ এইবোৰ বুটলি খোৱা হয়৷ শাক-পাতসমূহক লৈ বিহু গীতত এইদৰে পোৱা যায়—

    (ক) চাপৰি চাপৰি তোলা নাই বাবৰি

     দীঘলী খালৰে কচু 

    যাকে বিচাৰিছোঁ তাকে তুমি দেখা নাই 

    মই তাঁতৰ শালত আছোঁ৷  

    (খ) পৰ্বতৰ ঢেঁকীয়া লিহিৰি পতীয়া 

    দেখিলে ল’বৰ মন যায় 

    অতি চেনেহৰ ব’হাগৰ বিহুটি 

    হাততে মলঙি যায়৷ 

    (গ) লাইৰ মাজে মাজে লফা ৰুই দিলোঁ 

    কুকুৰাই খুঁচৰি খায় 

    অতি চেনেহৰ ব’হাগৰ বিহুটি 

    ধন দি ৰাখোঁতা নাই৷ 

    এইদৰে ব’হাগ বিহুত নানান ধৰণৰ খোৱাৰ জুতি থাকে৷ প্ৰতিটো খাদ্যৰ পৰা সুস্বাস্থ্যৰ সম্পৰ্ক জড়িত হৈ আছে৷ এই ব’হাগ বিহুৰ সময়তে আমৰলি খোৱা হয়৷ সেয়া আজিও আমাৰ পৰম্পৰা চলি আছে৷ 

    মন কৰিবলগীয়া যে এই সময়ত পৃথিৱীত ধুমুহা, বিজুলী-ঢেৰেকণিৰ পৰিমাণ বেছি হয়৷ ইয়াৰ সমান্তৰালভাৱে ব’হাগ মাহত মাছে কণী পাৰিবলৈ আৰম্ভ কৰে আৰু মাছৰ উজান উঠে আৰু বংশ বৃদ্ধি কৰিবলৈ লোৱাৰ বাবে চৰকাৰৰ মীন বিভাগে অসম ৰাজ্যত পহিলা এপ্ৰিলৰ পৰা স্থানীয় মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা আছে৷ এইদৰে ব’হাগ মাহত বাৰীত গছপুলি ৰোপণৰ বাবেও উপযুক্ত সময়৷ তামোল পুলি ৰুলে জীয়াই আৰু সোনকালে বাঢ়ি যায়৷ আনহাতে ব’হাগ বিহুৰ শেষৰ পৰা গঞা ৰাইজে পথাৰত খেতি-বাতিৰ বাবে ব্যস্ত হ’বলৈ আৰম্ভ কৰে৷ বিশেষকৈ শালি খেতিৰ বাবে কৃষকে পথাৰত নাঙল, যুঁৱলী লৈ হালত ধৰে৷ কৃষিকৰ্ম কৰি জীৱন নিৰ্বাহ কৰা মিচিংসকলে সেইবাবে ব’হাগ বিহুত অই-নিঃতমত গাইছে—

     গৰু আঃলৗম লাগিমাং 

    মৗনজৗগ আঃলৗম লাগিমাং 

    মৗঃনাম অইমৗ পাঃমৃল 

    কুয়াব তাগলা দবপৗ 

(অৰ্থ - গৰুৰ হাল নালাগে, 

    ম’হৰ হাল নালাগে, 

    মোৰ প্ৰেয়সীক পালে 

    কোৰ মাৰি, খেতি কৰি খোৱাম৷ )

    এইদৰে ব’হাগ আৰু আমাৰ প্ৰকৃতিক লৈ অনেক গীত-মাত পোৱা যায়৷ তদুপৰি বিহুৰ কাৰ্যসূচী আৰু বিহুৰ বতৰত আমাৰ মাজত থকা উৎসাহ-উদ্দীপনা প্ৰকৃতিৰ স’তে ওতপ্ৰোত সম্পৰ্ক আছে৷ ব’হাগ বিহু পালনৰ বাবে সমস্ত সামগ্ৰী প্ৰকৃতিৰ বুকুৰ পৰাই আহৰণ কৰা হয়৷ এই বিহু পালনৰ বাবে প্ৰয়োজনীয় কোনো এটা সামগ্ৰী উদ্যোগ প্ৰতিষ্ঠানত উৎপাদন কৰিব পৰা সামগ্ৰী নাই৷ সেইবাবে প্ৰকৃতি থাকিলেহে বিহু থাকিব৷ আনহাতে সাম্প্ৰতিক সময়ত একাংশ অসাধু লোকৰ দ্বাৰা বনভূমি বেদখল আৰু যধে-মধে বনাঞ্চল ধ্বংস কৰাৰ পৰিপ্ৰেক্ষিতত ভৱিষত্যে অসমীয়াৰ হিয়াৰ আমঠু ব’হাগ বিহু পালন কৰিবলৈ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব৷ প্ৰকৃতি নথকাকৈ বিহু পালন কৰিবলৈ যোৱাটো বাতুলতা মাথোঁ৷ বিহুক স্বকীয় ৰূপত জীয়াই ৰাখিবলৈ যিদৰে অসমবাসী ৰাইজে গুৰুত্ব দিয়ে, এইদৰেই আমাৰ চাৰিও ফালে থকা প্ৰকৃতিকো অক্ষত অৱস্থাত জীয়াই ৰাখিবলৈ আমি যত্ন ল’ব লাগিব৷ তেতিয়াহে বিহুৱে স্বকীয় ৰূপত জীয়াই থাকিব; অন্যথা ভৱিষ্যতে বিহুক কেৱল প্ৰতীকিভাৱেহে পালন কৰিব লাগিব৷


ফোনঃ ৯৬১৩৬৮৮৮৫৬


Doksiri দকচিৰি, মে, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages